চৰকাৰে যেতিয়াৰ পৰা কেৱল কম’ড বহুৱাবলৈ ল’লে, তেতিয়াৰ পৰা চৰকাৰী হস্পিতেলৰ বাথৰূমৰ অৱস্থা নোহোৱা হ’ল এটা কথা সত্য যে চৰকাৰী হস্পিতেলত চিকিৎসা গ্ৰহণ কৰা বেছিভাগ লোকেই হৈছে গ্ৰামাঞ্চলৰ এইসকলৰ কম’ডত শৌচ কৰাৰ অভ্যাস নাই৷ তেওঁলোকে পশ্চিমীয়া কম’ড ব্যৱহাৰ কৰিব নাজানে ভাৰতীয় ষ্টাইলৰ লেট্ৰিনত শৌচ কৰা লোকসকলে কম’ডত পেট খোলোচা কৰিব নোৱাৰে সেয়ে পুৱা প্ৰতিখন হস্পিতেলৰ বাথৰূম তেওঁলোকে লেতেৰা কৰে বিশেষকৈ প্ৰস্ৰাৱগাৰতে শৌচ কৰে এইসকল লোকে ৰোগীৰ এটেণ্ডেণ্টৰ বাবে হস্পিতেলত থকা বাথৰূমত পুৱাই শৌচ কৰিছে বহু উপায়ন্তৰ লোকে৷ নিয়মীয়াকৈ পৰিষ্কাৰ নকৰা চৰকাৰী হস্পিতেলৰ বাথৰূম শৌচ কৰাৰ বাবেই ক্ৰমে পৰিত্যক্ত হৈ পৰিছে বিশেষকৈ GMCHত সোমালেই আপুনি প্ৰতিটো বাথৰূমতে শৌচৰ দ’ম দেখিবই চাফা নকৰাৰ ফলত প্ৰস্ৰাৱগাৰতো শৌচৰ পাহাৰেই সৃষ্টি হৈছে প্ৰতিখন চিভিলতো একে পৰিস্থিতিৰে সূচনা হৈছে চৰকাৰে কেৱল কম’ড বহুওৱাৰ ফলত ব্যৱহাৰ কৰিব নজনা লোকে বাহিৰতো নিশা শৌচ কৰিছে কিছুদিন পূৰ্বে কেৰালাৰ পৰা শিকি চৰকাৰী হস্পিতেলত বাৰৰ নাম লিখা বিছনা চাদৰ ব্যৱহাৰৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু ৰাজ্যৰ হস্পিতেলত সৃষ্টি হোৱা এই পৰিস্থিতি তেওঁৰ চকুত পৰা উচিত বাথৰূমত শৌচৰ দ’ম সৃষ্টি হোৱাৰ ফলত চৰকাৰী পুঁজিৰো অপচয় হৈছে কাৰণ অব্যৱহৃত হৈ ৰৈছে তেনে দুৰ্গন্ধময় বাথৰূম