তৰুণ গগৈ যোগ্য নাছিল নেকি?

নপঢ়াকৈ ফাইলত চহী কৰি দিছিল নেকি তৰুণ গগৈয়ে? আনৰ ওপৰতে নিৰ্ভৰ কৰি গগৈয়ে চলাইছিল নেকি ৰাজ্য? প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ প্ৰয়াণৰ পিছত এই প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ আছে ৰাকেশ পালে ৰাক্ষসৰ ৰূপ লৈ কেলেংকাৰি কৰাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত গগৈৰ প্ৰসংগও উত্থাপিত হৈছে কাৰণ জীৱনৰ বিয়লি বেলা তৰুণ গগৈয়ে প্ৰায়ে কৈছিল- ৰাকেশ পালক APSCৰ অধ্যক্ষ পাতিবলৈ তেওঁৰ মুঠেও ইচ্ছা নাছিল কিন্তু গৌতম ৰয়ৰ হেঁচাতহে তেওঁ বাধ্য হৈছিল৷ একেদৰে AIIMSখনো তেতিয়াৰ জালুকবাৰী বিধানসভা সমষ্টিৰ চাংসাৰিত স্থাপন কৰাৰ কথা নাছিল৷ কিন্তু AIMSৰ ফাইলটো তেওঁ নোচোৱাকৈ আৰু একো নজনাকৈ মুখ্যমন্ত্ৰী হিচাপে স্বাক্ষৰ কৰি দিছিল বিধানসভাত তৰুণ গগৈয়েই এই কথাটো স্বীকাৰ কৰিছিল গতিকে প্ৰশ্ন হয়, শাসনকালত বহু সিদ্ধান্ত আনৰ ওপৰত নিৰ্ভৰ কৰিয়েই গগৈয়ে গ্ৰহণ কৰিছিল নেকি? একেদৰে কাৰ্যকালৰ এছোৱা সময় গগৈয়ে গৃহ দপ্তৰো ৰকিবুল হুছেইনৰ হাততে এৰি দিছিল৷ গৃহ ৰাজ্যমন্ত্ৰী হিচাপে ৰকিবুল হুছেইনৰ হাতত আছিল অপাৰ ক্ষমতা৷ আনকি আৰক্ষীকো ৰকিবুলে ব্যৱহাৰ কৰাৰ বহু অভিযোগ তেতিয়া উত্থাপিত হৈছিল৷ বিধানসভাতো তৰুণ গগৈৰ মাৰফতত ৰকিবুল হুছেইনেই গৃহ দপ্তৰৰ প্ৰশ্নৰ উত্তৰ দিছিল৷ পুৰণি প্ৰসংগ উত্থাপিত হোৱাৰ সময়ত গগৈৰ দক্ষতাৰ ওপৰতো স্বাভাৱিকতে সন্দেহৰ সৃষ্টি হৈছে যেতিয়া বাংলাদেশক মাটি এৰি দিয়াৰ বিষয়ে ঘোষিত হৈছিল, তেতিয়াও ৰাজ্য এৰি দীৰ্ঘদিনে গগৈয়ে কৰিছিল বিদেশ ভ্ৰমণ তেতিয়া কিন্তু কাকো দায়িত্বও গগৈয়ে দি থৈ যোৱা নাছিল মুখ্যমন্ত্ৰী এজন আনৰ দ্বাৰা প্ৰভাৱিত হোৱাটো ৰাজ্যৰ প্ৰশাসনত ভয়ংকৰ বিষয় গতিকে এই প্ৰশ্নৰ উদ্ৰেক হোৱাটোও অৱধাৰিত

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial