তিৰাশীৰ আন্দোলনৰ সময়ত হৈছিল এই ঘটনা

জুয়ে পোৰা তিৰাশীৰ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হৈছিল নিৰ্বাচন আন্দোলকাৰীয়ে অবৈধ বুলি ঘোষণা কৰা নিৰ্বাচন কিন্তু আছিল অসমৰ ইতিহাসৰে ৰক্তাক্ত সময় মানৰ আক্ৰমণতকৈয়ো ভয়াৱহ হৈ পৰিছিল সেই সময়ছোৱা নিৰ্বাচনৰ সময়ত তেতিয়াৰ কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ আশে-পাশে আক্ৰমণ চলিছিল অভিবাসী মুছলমান আৰু অসমীয়াৰ মাজত প্ৰায় যুদ্ধৰে সূত্ৰপাত হৈছিল আক্ৰমণত ঘৰ এৰি ছমৰীয়াৰ খিলঞ্জীয়া হৈ পৰিছিল ছেদেলি-ভেদেলি পুৰুষসকলে গাওঁ ৰক্ষাৰ দায়িত্ব লৈছিল৷ কিন্তু তাৰ পিছতো ঘৰ জ্বলাই দিছিল ছমৰীয়া সত্ৰৰ সিপাৰে থকা মিঞা লোকে গাৱঁৰ এটা ভঁৰালো বাদ পৰা নাছিল৷ মহিলাসকলে নদী পাৰ হ’বলৈ যাওঁতেই কৰিছিল আক্ৰমণ গংগা কলিতা,যমুনা মহন্ত আৰু ৰজনী কলিতাক যাঠিৰে হত্যা কৰিছিল তেওঁলোকক বচাবলৈ যাওঁতে অসম আৰক্ষীৰ সিদ্ধেশ্বৰ কলিতা নামৰ এজন জোৱানৰ বকুত সোমাই গৈছিল বল্লম তেতিয়া 407ত উঠাই গংগা কলিতা আৰু যমুনা মহন্তৰ দেহ GMCHলৈ প’ষ্টমৰ্টেমৰ বাবে লৈ যোৱা হৈছিল৷ একেখন ট্ৰাকতে নিয়া হৈছিল আহত জোৱান সিদ্ধেশ্বৰ কলিতাক কিন্তু ঘটনাৰ পিছত প্ৰশাসনীয় বিষয়াকহে চৰকাৰে দোষী কৰিলে কাৰ্যবাহী দণ্ডাধীশকো গুলীচালনাৰ অপৰাধত নিলম্বিত কৰিছিল সেই ঘটনাৰ এতিয়া ৪২ বছৰেই হ’ল কিন্তু কেঁচা হৈয়েই থাকিল বকুৰ ঘাঁ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial