ৰাইজ
আচল কথাটো কওঁ শুনক হিন্দীত এষাৰ আপ্তবাক্য আছে বেগানা ছাদী ম্যে আব্দুল্লা দিৱানা! APSC কাণ্ডৰ কথাবোৰো তেনেকুৱাই হৈছে৷ প্ৰথম কথাটো হৈছে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন এতিয়াৰ নহয় তিনিবছৰ পুৰণি তেওঁ চৰকাৰক ২০২২তে প্ৰতিবেদন দাখিল কৰিছিল৷ এতিয়া কেৱল চৰকাৰে প্ৰকাশহে কৰিছে APSC কেলেংকাৰিৰ তদন্তৰ বাবে কাৰ্যপালিকাইহে বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগ বহুৱাইছিল। ন্যয়ালয়ে গঠন কৰা নাছিল গতিকে এই আয়োগৰ বিধান ন্যায়ালয়ৰ ৰায় নহয় যদিও বিপ্লৱ শৰ্মা ন্যায়মূৰ্তি আছিল তথাপি কমিটীৰ প্ৰতিবেদন আদালতৰ ৰায় হ’ব নোৱাৰে আয়োগে সাক্ষী-বাদী লৈছিল আৰু তাৰ ওপৰত ভিত্তি কৰি ২০১৩ চনৰ সমূহ ACS আৰু APSক চাকৰিৰ পৰা খেদিবলৈ কেৱল পৰামৰ্শহে দিছে প্ৰতিবেদনত নিয়ম মাফিক সাক্ষী-বাদী সংলগ্ন কৰা হৈছে যাতে আয়োগৰ চুপাৰিশ বিধি-নিয়ম আৰু প্ৰামাণিক তথ্যভিত্তিক হয়৷ কিন্তু সাক্ষীৰ কোনে কি কৈছে সেইটো পঢ়ি কোনেও কালৈকো দোষী বুলি সন্দেহৰ আঙুলি দেখুৱাব নোৱাৰে কিন্তু যদি বিপ্লৱ শৰ্মা আয়োগে গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে সোণৰ গহনা উপহাৰ দিয়াৰ কাৰণে অপৰাধৰ মোকৰ্দমা চলাবলৈ দিলেহেঁতেন, তেন্তে দোষী সাব্যস্ত নহ’লেও সমূহে তেওঁক সন্দেহ কৰিব পৰাৰ থল আছিল একেটা কথাই অখিল গগৈ বা কমল মেধিৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ এই কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰা বা নকৰাটো চৰকাৰৰ কথা৷ গতিকে কীৰ্তন পুথিৰ দৰে সকলোৱে প্ৰতিবেদনখনেই চৰ্বিত-চৰ্বন কৰি থকাৰো বৈধ যুক্তি নাই বহুতে ইতিমধ্যে পাঠকৰ ৰূপ লৈ প্ৰতিবেদন পাঠ কৰি ফুৰিছে কিন্তু এই প্ৰতিবেদনৰ ভিত্তিত কোনেও কাকো দোষী কৰিব নোৱাৰে
কীৰ্তন পুথিৰ দৰে প্ৰতিবেদন পঢ়ি নাথাকিব!
