এতিয়া এলিজাবেথ ক’লবাৰ্ন গগৈ বিদেশৰ কাৰণে কথাটো ওলাইছে কিন্তু অসমতে বিয়া হোৱাৰ পিছতো বহু অসমীয়া যুৱতীয়ে প্ৰায় একেটা কামেই কৰি আছে তেওঁলোকেও আইনীভাৱে পতিৰ ঘৰৰ ঠিকনা গ্ৰহণ কৰা নাই৷ কাগজে-পত্ৰই তেওঁলোক এতিয়াও মাতৃগৃহৰে জীয়ৰী হৈ আছে৷ আমি এই কথাটো বহুদিনীয়া বিশ্লেষণৰ অন্তত প্ৰকাশ কৰিছোঁ৷ বিবাহৰ পিছত ৬৭ শতাংশ অসমীয়া যুৱতীয়ে ভোট দিব নোৱাৰে৷ ঘৰৰ কাষৰ ভোটকেন্দ্ৰত তেওঁলোকৰ ভোটাধিকাৰ নাথাকে৷ কাৰণ মাকৰ ঘৰৰ ভোটাৰ তালিকাতে তেওঁলোকৰ নাম থাকে৷ সেয়ে পুৰণি তালিকাৰ পৰা কৰ্তন নকৰাকৈ আন এটা সমষ্টিত যুৱতীগৰাকীয়ে ভোট দিব নোৱাৰে৷ একেটা সমষ্টিতে বিয়া হোৱা যুৱতীয়েও আন এটা কেন্দ্ৰৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট নকৰে৷ ৬৭ শতাংশ অসমীয়া যুৱতীয়ে বিয়াৰ ৪ বছৰ পিছলৈয়ো এই সাধাৰণ কামটোকে কৰা নাই৷ ফলত তেওঁলোকে সেই সময়ছোৱাত অনুষ্ঠিত কোনো নিৰ্বাচনতে ভোট দিয়াও নাই৷ অৱশ্যে কৰ্মঠ গাঁওপ্ৰধানে নিজেই ভোটাৰ তালিকাৰ পৰা বিবাহিত যুৱতীৰ নাম কৰ্তন কৰে৷ কিন্তু ৩৩ শতাংশ যুৱতীৰ ক্ষেত্ৰতহে তেনে হয়৷ অৱশিষ্ট ৬৭ শতাংশই ভোটাধিকাৰ নাপায়৷ বহুতৰে আকৌ মাকৰ ঘৰৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পিছত নিজা কেন্দ্ৰৰ লিষ্টত নাম নুঠে৷ চৰকাৰে এইটো কামৰ বাবে অংগনৱাড়ী কৰ্মীকো দায়িত্ব দিয়াৰ পিছতো কিন্তু প্ৰক্ৰিয়া ক্ষিপ্ৰ হোৱা নাই৷ প্ৰধানতঃ ব্যক্তিগত অৱহেলাৰ বাবেই ৬৭ শতাংশ অসমীয়া বোৱাৰীয়ে বিবাহৰ কিছুবছৰলৈ ভোটাধিকাৰ নাপায়৷ নথি-পত্ৰ সলনি কৰাৰ এলাহতে ভোট নিদিয়ে তেওঁলোকে৷
বৰ্তমান কিন্তু বিবাহৰ ১২ বছৰৰ পিছতো এলিজাবেথ ক’লবাৰ্ন গগৈয়ে ভাৰতীয় নাগৰিকত্ব কিয় লোৱা নাই বুলি প্ৰশ্ন উঠিছে পিছে অসমত থাকিয়েই বহু যুৱতীয়ে সলনি কৰা নাই আইনী ঠিকনা৷
এনেয়েও ভোট দিব নোৱাৰে অসমীয়া যুৱতীয়ে
