বিশ্ব ৰেকৰ্ড নহ’বগৈয়ো পাৰে৷ কিয়নো ঝুমইৰ বিনন্দিনীক লৈ অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে চাহ জনজাতিক প্ৰতিনিধিত্ব কৰা সংগঠনে৷ ঝুমুৰৰ বিষয়ে বিশেষ জ্ঞান নথকা লোককহে চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি অভিযোগ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অৰ্থাৎ আছাই৷ বৰ্তমান সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজনীতিৰ গোন্ধ থকাৰ অভিযোগ তুলিছে আদিবাসী ছাত্ৰ সন্থাই৷ আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়ালৈ স্মাৰক-পত্ৰও প্ৰেৰণ কৰিছে৷ অসম চৰকাৰৰ ব্যৱস্থাটোক বিসংগতিপূৰ্ণ বুলি উল্লেখ কৰিছে আছাই৷ যোৰহাট জিলাৰ এক্সপাৰ্ট সমিতিখনৰ ওপৰতো তেওঁলোকে একাধিক প্ৰশ্ন উত্থাপন কৰিছে৷ উক্ত এক্সপাৰ্ট সমিতিখনৰ সদস্যই এফাঁকি ঝুমুৰ গাব নাজানে বুলি মন্তব্য কৰিছে আছাৰ নেতৃত্বই৷ কিহৰ ভিত্তি এইসকলক এক্সপাৰ্ট সমিতিত অন্তৰ্ভুক্ত কৰা হ’ল সেয়া ৰহস্যজনক বুলি তেওঁলোকে অভিযোগ তুলিছে৷
অভিযোগ অনুসৰি যোৰহাটত সমষ্টি পৰ্যায়ৰ প্ৰস্তুতিত আদিবাসী ছাত্ৰ সন্থাক নিমন্ত্ৰণ জনোৱা নাই৷ অসম ভিত্তিৰ কাৰ্যক্ৰমৰ সময়তো চৰকাৰে আছাক উপেক্ষা কৰিছে৷ তদুপৰি আদিবাসী শব্দটো অনুষ্ঠানত ব্যৱহাৰ কৰা নাই৷ সেয়ে ক্ষোভিত হৈ পৰিছে আছা৷
ঝুমইৰ বিনন্দিনী নে ঝুমইৰ ৰাজনীতি
