কেনেকৈ প্ৰয়াগৰাজ পালেগৈ সন্দীপ

মহা কুম্ভমেলালৈ যাবলৈ খুবেই ইচ্ছা পিছে হাতত নাই ধন সেয়ে গংগাৰ বুকুত নাও মেলি প্ৰয়াগৰাজ পালেগৈ বিহাৰৰ যুৱক অৱশ্যে তেওঁলোকে বাধ্যত পৰিহে ল’লে এই সিদ্ধান্ত৷ মহা কুম্ভমেলাৰ সময়ত প্ৰয়াগৰাজত ৩০০ কিলোমিটাৰ দীঘলীয়া ট্ৰেফিক জেম হৈছে ৩৫ হাজাৰলৈ বাঢ়িছে ১০ হাজাৰটকীয়া বিমান টিকট গতিকে যাবলৈ উপায় নোহোৱা হৈছিল বিহাৰৰ বক্সাৰ জিলাৰ কেইজনমান যুৱকৰ৷ কমহাৰিয়া গাঁৱৰ মনু, সন্দীপকে ধৰি ৭ জন যুৱকে শেষত এটা কম খৰচী উপায় উলিয়ালে৷ তেওঁলোকে জলপথেৰে গংগা পাৰ হোৱাৰ সিদ্ধান্ত ল’লে৷ সেই উদ্দেশ্যে গংগাৰ বুকুক মেলি দিলে টুলুঙা নাও৷
৭ জন যুৱকে কোনো সমস্যা অবিহনে ২৭৫ কিলোমিটাৰ জলপথ সুকলমে অতিক্ৰম কৰিলে ট্ৰেফিক জেমত বন্দী নোহোৱাকৈ গংগাৰে নাও বাই প্ৰয়াগৰাজত তেওঁলোক উপস্থিত হ’ল৷ সাতোজন যুৱকৰ সাহসক কিন্তু বহুতে প্ৰশংসা কৰিছে৷ মহা কুম্ভমেলালৈ যোৱাৰ বাবে উদগ্ৰীৱ হৈ থকা যুৱকসকলৰ যাত্ৰাই কিন্তু আন বহুতকে উৎসাহিত কৰিছে ফলত বৰ্তমান বিহাৰৰ পৰা নদীপথতো বাঢ়িছে ভিৰ৷ ভক্তি থাকিলে শক্তি পায় বোলা কথাষাৰৰ সত্যতা প্ৰতিপন্ন কৰি তেওঁলোকে সুকলমে কুম্ভস্নান কৰিলেগৈ গংগাত পাপ খণ্ডন কৰি উভতিও আহিল যুৱকৰ দলটো নাও ভাৰা কৰি বিহাৰৰ পৰা উত্তৰ প্ৰদেশলৈ যোৱা যুৱকৰ দলটো হৈ পৰিল নায়কৰ দৰে বহুতে তেওঁলোকক জনালে সম্বৰ্ধনা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial