দুৰ্যোগ আহি আছে৷ দেশত ভয়াৱহ অঘটন হ’বলৈ আৰু বেছিদিন নাই৷ সাংঘাতিক বিপৰ্যয় যে অৱধাৰিত সেয়াই প্ৰতিপন্ন কৰিছে আন্দোলিত সমুদ্ৰই৷ কেৰালাত সাগৰতীৰত প্ৰতিফলিত পৰিৱৰ্তনে উমান দিছে সমাগত দুৰ্যোগৰ৷
যোৱা কিছুদিনৰ পৰা কেৰালাৰ সমুদ্ৰবক্ষ হৈ পৰিছে আচৰিতধৰণেৰে অশান্ত৷ অস্বাভাৱিক আচৰণ কৰি মাছ পাৰলৈ উঠি আহিছে৷
পানীৰ পৰা কোটি কোটি মাছে উপকূলত থিতাপি লৈছেহি৷ পূৰ্বে কিন্তু কেতিয়াও কেৰালাত এনে ঘটনা ঘটা নাছিল৷ প্ৰথমে স্থানীয় লোকে সহজে মৎস্য চিকাৰ কৰিবলৈ পাই আনন্দিত হৈছিল, কিন্তু বৰ্তমান বুঢ়া-মেথাই এই ঘটনাক অমংগলৰ আগজাননী বুলিহে অভিহিত কৰিছে৷
বিশেষজ্ঞৰ মতে সমুদ্ৰবক্ষত বৰ্তমান অক্সিজেনৰ অভাৱ হৈছে৷ সচৰাচত ঢৌৱে কোবাই থকা সাগৰীয় জলত অক্সিজেনৰ অভাৱ নহয়৷ কিন্তু বৰ্তমান তেনে পৰিস্থিতিৰ বাবে শ্বাসৰুদ্ধ মাছ পাৰলৈ উঠি আহিছে৷
তদুপৰি নিৰ্দিষ্ট এলেকাত বিশাল জলচৰ প্ৰাণীৰ অৱস্থানৰ বিষয়েও অনুমান কৰা হৈছে৷ যদি সাগৰৰ পাৰৰ জলৰাশিত তিমি অথবা ডলফিনৰ দৰে প্ৰাণীয়ে থিতাপি লৈছেহে, সেইবাবেও জাকে জাকে মাছে পলায়ন কৰিব পাৰে৷
কিন্তু অত্যধিক প্ৰদূষণৰ বাবে নিৰ্দিষ্ট এলেকাৰ জলভাগ বিষাক্ত হৈ পৰাৰো আশংকা নথকা নহয়৷ পিছে কাৰণ যিয়েই নহওক, বৰ্তমানৰ ঘটনাই দুৰ্যোগৰ আগজাননী প্ৰদান কৰিছে৷
ছুনামীৰ দৰে বিপৰ্যয়ৰ পূৰ্বেও সাগৰৰ জলচৰ প্ৰাণীয়ে অস্বাভাৱিক আচৰণ কৰে৷ এতিয়াওদৃশ্যমান হোৱা ঘটনাই দিছে সৰ্বনাশৰ সংকেত৷
আকৌ হ’ব ছুনামী
