পুলিচে খেদি দিলে চেলিব্ৰিটী গায়কক

হ’ব পাৰে তেওঁ চেলিব্ৰিটী এড শ্বিৰিন৷ শ্বেপ অৱ ইউৰ বিখ্যাত গায়কক নজনা-নিচিনা কোনো নাই৷ কিন্তু ভাৰতৰ পুলিচে এড শ্বিৰিনক চিনি নাপায়৷ এড শ্বিৰন খায়নে-পিন্ধে সেয়াও নাজানে ভাৰতৰ পুলিচে৷
গতিকে নিয়ম ভঙাৰ বাবে ব্ৰিটেইনৰ কোটিটকীয়া গায়ককো খেদি দিলে বাংগালুৰুৰ আৰক্ষীয়ে৷ যিজন গায়কৰ গান শুনিবলৈ কোটি কোটি অনুৰাগী ৰৈ থাকে তেওঁকে পুলিচে খেদি দিলে৷
এই ঘটনাটো ঘটিল বাংগালুৰুত৷ বিখ্যাত ব্ৰিটিছ ৰকষ্টাৰ এড শ্বিৰিনে চহৰখন পৰিভ্ৰমণ কৰিছিল৷ তেওঁৰ সৈতে আছিল নিজা বডীগাৰ্ড৷
তেতিয়া অনুৰাগীক মনোৰঞ্জনৰ বাবে পথৰ দাঁতিতে গান এফাকি গোৱাৰ কথা ভাবিলে শ্বিৰিনে৷ সেইমতে তেওঁ সাজু কৰিলে সৰঞ্জাম৷
বাংগালুৰুৰ চাৰ্চ ষ্ট্ৰীটৰ কাষতে নিজে গীটাৰ বজাই মাইক্ৰ’ফোন সাজু কৰিলে শ্বিৰিনে৷ আৰম্ভও কৰিলে অনুষ্ঠান৷
কিন্তু পথৰ দাঁতিৰ অনুষ্ঠান বন্ধ কৰি মাইক্ৰ’ফোনৰ প্লাগ খুলি পেলালে পুলিচে৷
অনুমতি অবিহনে অনুষ্ঠান পৰিৱেশনৰ অপৰাধত শ্বিৰিনক তাৰ পৰা খেদি দিলে৷ এই ঘটনাই ৰসো দিছে নেটিজেনক৷
এড শ্বিৰিনৰ দৰে যশস্বী গায়কক চিনি নোপোৱা পুলিচৰ বিষয়েও হৈছে চৰ্চা৷ অৱশ্যে সেই অনুষ্ঠানৰ বাবে আগতীয়া অনুমতি লোৱা বুলি দাবী কৰিছে শ্বিৰিনে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial