পৃথিৱীৰ সবাতোকৈ শক্তিশালী ধাতু কি সেয়া এতিয়ালৈ ঠিৰাং কৰিব পৰা নাই বিজ্ঞানীয়ে পিছে যদি কোনোৱে সোধে চৰাচৰৰ সবাতোকৈ শক্তিধৰ মানৱীয় প্ৰবৃত্তি কি তেন্তে সকলোৱে এটা উত্তৰেই দিব লাগিব সেয়া প্ৰেম প্ৰেমে কৰিব নোৱাৰা একোৱেই নাই বিশ্বাসৰ এখন হাতে সকলো অসাধ্য সাধন কৰিব পাৰে প্ৰণয়ৰ শক্তিয়ে বন্ধ কৰিব পাৰে ৰক্তপাত প্ৰেয়সীৰ চুলিৰ সুগন্ধিয়ে কোনো হতাশ পুৰুষক পাহৰাই ৰাখিব পাৰে মধুশালাৰ উন্মাদনা কোনো বিষণ্ণ সন্ধ্যাক বাউলী প্ৰেয়সীয়ে কৰি তুলিব পাৰে আনন্দময় প্ৰেম আচলতে নদীৰ দৰে, অৱশ্যে প্ৰেম কেনেকুৱা সেয়াও অনিৰ্ণেয় প্ৰেম প্ৰেমৰ দৰেই ফেব্ৰুৱাৰীৰ প্ৰেমৰ উছৱৰ সময়তো বহুতে বিচাৰি ফুৰিছে প্ৰেমৰ সংজ্ঞা কিন্তু অনন্ত ৰহস্যৰ দৰে প্ৰেম এতিয়াও সংজ্ঞাহীন প্ৰেমৰ উছৱৰ অধিবাসৰ আৰম্ভণিৰ তিনিদিন হ’ল সাত্ত্বিক ফেব্ৰুৱাৰীত ভাৰস্তৰ প্ৰেমাস্পদে সপ্তমীৰ পৰাই পালিছে প্ৰেমৰ পূজা মন্ত্ৰবিহীন পূজাৰ প্ৰথম দিনটো আছিল গোলাপী সপ্তমী ইতিমধ্যে পাৰ হৈ গৈছে প্ৰস্তাৱ অষ্টমী আৰু চকলেট নৱমী কিন্তু আজি আছে ভেলেণ্টাইন পূজাৰ আন এক মহাপৰ্ব এইভাগি উছৱৰ নাম অসমীয়াত প্ৰতিশ্ৰুতি একাদশী অৱশ্যে চৰাচৰৰ প্ৰেমিককুলে ফেভ্ৰুৱাৰীৰ একাদশ দিৱসক কয় প্ৰমিজ ডে’… প্ৰণয়ৰ উছৱৰ এই তিথিৰ বিষয়ে বুৰঞ্জীৰ বিশেষ ব্যাখ্যা নাই পিছে প্ৰেমৰ পূজাৰ সময়ত প্ৰতিশ্ৰুতি একাদশীৰ আছে অনন্য গুৰুত্ব জীৱনলৈ একেলগে থকাৰ শপতেৰে পালিত তিথিভাগ প্ৰেমৰ পূজাৰ অবিচ্ছেদ্য অংগ অৱশ্যে বুৰঞ্জী অনুসৰি এই দিনটো হৈছে প্ৰণয়ৰ উছৱৰ নৱতম সংযোজনহে অৱশ্যেই বিশ্বাসৰ দিনটোৰ মূল উপকৰণ গোলাপ এপাহ গোলাপে ৰঙা কৰি তোলা দিনটোৰ পোহৰো যেন সুগন্ধিময় এই সুঘ্ৰাণে লৈয়েই প্ৰেমাস্পদে ইজনে সিজনক দিছে চিৰজীৱনৰ সংগী হোৱাৰ প্ৰতিশ্ৰুতি গোলাপৰ আমোলমোল গোন্ধত মতলীয়া হৈ সকলোৱে ভাবিছে যুদ্ধতকৈ প্ৰেমেই ভাল