কিয় বিফল হ’ল কেজৰিৱাল

১৯৯৯ চনত যেতিয়া দিল্লীত সুষমা স্বৰাজ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া পিঁয়াজৰ দাম হৈছিলগৈ ৫০ টকা ১ কেজি পিঁয়াজৰে দাম ৫০ টকা হোৱাৰ বাবে দিল্লীবাসীয়ে ক্ষমতাৰ পৰা উৎখাত কৰিছিল বিজেপিক সুষমা স্বৰাজৰ সফল ৰাজনৈতিক কেৰিয়াৰত দাগ লগাইছিল পিঁয়াজে কিন্তু এইভাৰ তেনে পৰিস্থিতি নহ’ল পিঁয়াজৰ সলনি যমুনাৰ প্ৰদূষিত পানীয়ে দিল্লীৰ ৰাজনীতি সলনি কৰি পেলালে বিজেপিয়ে অৰবিন্দ কেজৰিৱালৰ বিফলতাৰ কাহিনী ইমান নিখুঁতভাৱে উপস্থাপন কৰিলে যে আপ হৈ পৰিল দিশহাৰা প্ৰথমে বিজেপিয়ে ইছ্য়ু কৰি ল’লে কেজৰিৱালৰ অট্টালিকাক৷ জনতাৰ টকাৰে নিজৰ বাবেহে কেজৰিৱালে ফাইভষ্টাৰ ঘৰ সাজিলে বুলি মোদীয়েও প্ৰচাৰ কৰিলে৷ প্ৰথমটো খোঁচত সফল হোৱাৰ পিছত বিজেপিয়ে উত্থাপন কৰিলে যমুনাৰ পানীৰ প্ৰসংগ৷ তেতিয়া কেজৰিৱালেও ভুল কৰি পেলালে৷ তেওঁ দোষ স্বীকাৰ কৰাৰ সলনি হাৰিয়ানাৰ পৰাহে যমুনা প্ৰদূষিত হোৱা বুলি দাবী কৰিলে৷ সেই কথাটোৱে হিন্দু ভোটাৰৰ ছেণ্টিমেণ্টত হানিলে প্ৰবল আঘাত৷ যাৰ ফলত আজি সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰতে থাকিবলগীয়া হ’ল আপ৷ বিজেপিয়ে ২৫ বছৰৰ পিছত আকৌ দখল কৰিলে দিল্লীৰ ক্ষমতা৷ অৱশ্যে সৰ্বত্ৰ বিফল বুলি বিজেপিয়ে অভিহিত কৰিলেও দিল্লীত কিন্তু পিঁয়াজৰ দাম ঠিকেই নিয়ন্ত্ৰণ কৰিছিল অৰবিন্দ কেজৰিৱালে এতিয়াও আপ চৰকাৰে দিল্লীত ১৮ টকাতে পিঁয়াজ সীমিত কৰি ৰাখিছিল পিঁয়াজৰ দাম তথাপি পিঁয়াজে ভাগ্যদেৱীক অৰবিন্দ কেজৰিৱালৰ প্ৰতি সুপ্ৰসন্ন কৰিব নোৱাৰিলে গতিকে উফৰি গ’ল আপ উভতিল বিজেপি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial