উপহাৰটো সৰু…
জীৱনটো ডাঙৰ হ’ব তোমাৰ সৈতে প্ৰেমক বয়সৰ পৰিপক্বতাৰ সৈতে তুলনা কৰা বহুতৰে বাবে এয়া সাধাৰণ বচন বিলাস কিন্তু গোলাপৰঙী দিনত ব্যাকুল প্ৰেমাস্পদৰ এই ভাষাই সলাই পেলাব পাৰে কোনো অনামী প্ৰেমিকাৰ জীৱন ছেইণ্ট ভেলেণ্টাইন হ’ব পাৰে তেওঁলোকৰ বাবে অচিনাকি কিন্তু প্ৰেম যে সকলোৰে চিনাকি পিছে ভেলেণ্টাইন ডে’ৰ উপলক্ষত বহুতো আকৌ এতিয়া বিপাঙত পৰিছে, ভাবিছে কি সাজে শুৱাব বিশেষ দিনটো আপুনি নাজানে যদি জনাই থওঁ ভেলেণ্টাইন ডে’ৰ প্ৰচলিত ড্ৰেছক’ড হৈছে ৰঙা আৰু গুলপীয়া কিন্তু ফেশ্যন বিশেষজ্ঞ প্ৰীতিয়ে দিছে এইবৰ্ষৰ ভেলেণ্টাইন ডে’ৰ বাবে বস্ত্ৰ পৰিধানৰ বিশেষ টিপছ প্ৰস্তুত কৰিছে ফেশ্যন থীম কিন্তু বেছিভাগ বিশেষজ্ঞৰ মতে ৰঙা গোলাপৰ বৰণৰ বস্ত্ৰই শুৱাব দাপোনমতীক সচৰাচৰৰ মুগা আৰু পাটৰ উপৰি ভেলেণ্টাইন ডে’ বিশেষ বস্ত্ৰ হৈছে লেহেংগা কিন্তু এইবাৰ হালধীয়া লেহেংগা পিন্ধিবলৈ বিশেষজ্ঞই দিছে উপদেশ ৰঙা মেখেলা-চাদৰৰ সৈতে শুভ্ৰবৰ্ণৰ ব্লাউজ পিন্ধিলে পূজা আৰু ভেলেণ্টাইন ডে’ৰ উপলক্ষত খাপ খাই পৰিব বুলিও পৰামৰ্শ দিছে যুৱতীকুলক কিন্তু এইবাৰ নতুনকৈ প্ৰচলন ঘটা বেকলেছ ব্লাউজৰ ফেশ্যন ট্ৰেণ্ডে সকলোৰে দৃষ্টি কাঢ়িব বুলি বিশেষজ্ঞই অনুমান কৰিছে৷ শাড়ী পিন্ধিলে ৰঙক লৈ সচেতন হ’ব লাগিব যুৱতীকুল কিন্তু হালধীয়া ৰঙৰ শাড়ী আৰু একেৰঙৰ ব্লাউজেই সুন্দৰীৰ বাবে উত্তম হ’ব বুলিও পৰামৰ্শ দিছে ফেশ্যন বিশ্লেষকে প্ৰেমৰ দিন উদযাপনৰ বাবে সকলোৱে বাছি লৈছে নিজৰ পছন্দৰ বস্ত্ৰ
এই বাটেৰেই আহিব ভেলেণ্টাইন
