অসমতো কেজৰিৱাল মডেল!

নিৰ্বাচনী ফলাফলে প্ৰতিপন্ন কৰিলে হিতাধিকাৰীৰ ৰাজনীতিৰ বিফলতা৷ অসমতো চলি থকা হিতাধাকিৰীৰ ৰাজনীতিয়ে যে নিৰ্বাচনত সহায় নকৰে সেয়াও প্ৰতিপন্ন হ’ল৷
যোৱা ১০ বছৰীয়া ধাৰাবাহিক শাসনৰ সময়ত অৰবিন্দ কেজৰিৱালে কিমান যে আঁচনি ঘোষণা কৰিছিল তাৰ কোনো হিচাপেই নাছিল৷ মহিলাৰ বাবে বাছযাত্ৰা কৰি দিছিল বিনামূলীয়া৷
এটা নিৰ্দিষ্ট পৰিমাণলৈ বিদ্যুতৰ মাচুলো মাফ কৰি দিছিল৷ তদুপৰি দিল্লীবাসীক বিনামূল্যে দিছিল পানী৷ মুঠতে দিল্লীত কেজৰিৱালে হিতাধিকাৰীৰ ৰাজনীতি কৰিছিল৷
এইবাৰো দিল্লীত জিকিলে লাডলী বেহনা নামৰ আঁচনিখন প্ৰৱৰ্তনৰ ঘোষণা কৰিছিল কেজৰিৱালে৷ কিন্তু সকলো চেষ্টা বিফলতাত পৰিণত হ’ল৷
কিন্তু বিজেপিয়ে দিল্লীৰ ভোটাৰৰ মানসিকতা অধ্যয়ন কৰি সীমিত পৰিমাণৰহে হিতাধিকাৰী আঁচনি ঘোষণা কৰিলে৷ তাৰ সুফল ভোগ কৰিলে বিজেপিয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial