আঁঠু কাঢ়ি গোলাপ দিব নাজানোঁ কিন্তু তোমাৰ পথত থকা কাঁইটবোৰ আঁতৰাই দিবলৈ মই ভালকৈয়ো জানোঁ আৰু এটা কথা
তোমাকনো মই দিম কিয় গোলাপ তুমিয়েই দেখোন মোৰ এপাহ ৰঙা গোলাপ অৱশ্যে আমিহে এনেকৈ কৈছোঁ, ভেলেণ্টাইনছ সপ্তাহৰ প্ৰথমটো দিন অৰ্থাৎ ৰ’জ ডে’ত আজি অজস্ৰ প্ৰেমিকে প্ৰেয়সীক যাচিলে ৰঙা গোলাপ প্ৰেম নিবেদন কৰি পুৰুষে আঁঠু কাঢ়ি ক’লে- তুমিয়েই মোৰ হৃদয় উদ্যানৰ গোলাপ প্ৰণয়ৰ সপ্তাহৰ পাতনিতে ৰঙা গোলাপৰ সুবাসে সুবাসিত কৰিলে চহৰ আকলুৱা প্ৰেমিকৰ হাতত থকা গোলাপৰ ঘ্ৰাণে কস্তুৰী মৃগৰ কলিজাৰ দৰেই সুগন্ধময় কৰি পেলালে চহৰখন বহু প্ৰেমিকে অস্ফূট স্বৰেৰে যেন ক’লে, জানা
যেতিয়া ফেব্ৰুৱাৰী নামে
যেতিয়া মোৰ চহৰৰ পৰা শীত যাবলৈ হয় তেতিয়া মোৰ তোমাক আকৌ খুব ভাল পাবলৈ মন যায়
জানা, মোৰ আকৌ তোমাৰ প্ৰেমত পৰিবলৈ মন যায়
