ছিকিউৰিটী গাৰ্ডকো লুণ্ঠন

অসমীয়া যুৱকে কাম বিচাৰি বৰ্হিৰাজ্যলৈ যোৱাৰ সময়ত প্ৰতিবছৰে গুৱাহাটী ৰে’ল ষ্টেশ্যনত বহে এখন ডাঙৰ বজাৰ এইবাৰো আৰম্ভ হৈছে বজাৰখন কামৰ সন্ধানত সদায় বৰ্হিৰাজ্যলৈ গৈ আছে অসমৰ যুৱক খেতি ছপোৱাৰ পূৰ্বে দুপইচা ঘটি আনিবলৈ সদায় শ শ যুৱক বাংগালুৰু অথবা কেৰালালৈ গৈ আছে ছিকিউৰিটী গাৰ্ডৰ কাম বিচাৰি অসমীয়া যুৱকে টালি-টোপোলা বান্ধিছে তেওঁলোকে ভিৰ কৰিছে ৰে’ল ষ্টেশ্যনত কিন্তু তেনেই দৰিদ্ৰ পৰিয়ালৰ যুৱকক লুণ্ঠন কৰিছে টিচিয়ে ৰাজ্যৰ ভিন্নপ্ৰান্তৰ পৰা গৈ এইসকল যুৱক প্ৰধানতঃ গুৱাহাটী ৰে’ল ষ্টেশ্যনত একত্ৰিত হয় বিমান যাত্ৰাৰ বাবে সম্বলহীন যুৱকসকলৰ ৭০ শতাংশই দীঘলীয়া ভ্ৰমণৰ বাবে ৰিজাৰ্ভেশ্যন নাপায় তেওঁলোকে কাটে জেনেৰেল ডবাৰ টিকট কিন্তু তেতিয়াই ষ্টেশ্যনত ঘূৰি ফুৰা টিচিৰ জেণ্টৰ চকুত পৰে এইসকল অসহায় যুৱক তেওঁলোকক বিভিন্ন প্ৰলোভনেৰে টিচিৰ ওচৰলৈ নিয়ে এজেণ্টে তাৰ পিছতে ৰিজাৰ্ভেশ্যন দিয়াৰ লোভ দেখুৱায় টিচিয়ে৷ তাৰ পিছত তেওঁলোকৰ পৰা আদায় কৰে অদ্ভুত পৰিমাণৰ ধন নিশ্চিত ৰিজাৰ্ভেশ্যনৰ টিকট দি এজন যুৱকৰ পৰাই তিনি হাজাৰোধিক টকা আদায় কৰে কিন্তু প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত টিচিৰ মুডেই সলনি হৈ যায় তেওঁ যুৱকজনক কয়- মই কিন্তু ডবাটোত সুমুৱাইহে দিম তাৰ পিছত ঠেলি-হেঁচি সেই যুৱকজনক ৰে’লৰ বিশেষ ডবাটোত সুমুৱাই দিয়ে টিচিয়ে কিন্তু টিকট নথকাৰ বাবে সেই ডবাটোতো জৰিমনা ভৰিবলগীয়া হয় অসমীয়া যুৱকে হাজাৰ হাজাৰ টকা খৰচ কৰাৰ পিছতো অসমীয়া যুৱক সমগ্ৰ যাত্ৰাকালত আহুকালৰ সন্মুখীন হয় কিন্তু এই দুইনম্বৰী বন্ধ কৰিবলৈ একোৱেই কৰা নাই ৰে’ল বিভাগে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial