আমেৰিকাতকৈ অসমেই ধনী

ট্ৰাম্পে অবৈধ ভাৰতীয়ক বাৰু গতিয়াই উলিয়াই দিলে, কিন্তু অসমে কি কৰিছে?
ৰাজনৈতিক দৃষ্টিকোণেৰে চাবলৈ গ’লে আমেৰিকা আৰু অসমৰ ভোটাৰৰ মানসিকতাৰ পাৰ্থক্য নাই৷ কাৰণ আমেৰিকাতো বিদেশী বহিষ্কাৰৰ কথা কৈয়ে ট্ৰাম্প জিকিল, অসমতো ৮৫ চনতে বিদেশী খেদা আন্দোলন কৰিয়েই প্ৰফুল্ল মহন্ত জিকিছিল পাৰ্থক্য এটাই- ট্ৰাম্পে পাৰিলে, মহন্তই নোৱাৰিলে কিন্তু তাৰ বহু যুগৰ পিছত গুৱাহাটী হাইক’ৰ্টৰ নিৰ্দেশমৰ্মে ২০০৮ চনত স্থাপন কৰা হৈছিল ডিটেনশ্যন চেণ্টাৰ বিদেশীক বন্দী কৰি ৰখাৰ উদ্দেশ্যে অসমত এতিয়া ছটা ডিটেনশ্যন চেণ্টাৰ আছে গোৱালপাৰাৰ মাটিয়াত সজা ডিটেনশ্যন চেণ্টাৰত ৩ হাজাৰ বন্দীক ৰাখিব পৰা যাব, যাৰ আকাৰ ৭ খন ফুটবল ফিল্ডৰ সমান কেন্দ্ৰটো সাজোতেই ৬৪ কোটি টকা খৰচ হৈছিল কিন্তু এইবোৰত সকলো বন্দীকে খুৱাই-বুৱাই ৰাখিছে চৰকাৰে৷ প্ৰায় এবছৰত সন্দেহজনক বিদেশীক ৰখাৰ বাবে যিমান টকা খৰচ হৈছে সেয়া জানিলে আপোনাৰ চকু কঁপালত উঠিব৷ কেৱল ২০১৮ চনত এটা ডিটেনশ্যন চেণ্টাৰৰ বছেৰেকীয়া বাজেট আকৌ আছিল ৪৬ কোটি টকা৷ বৰ্তমানৰ বছেৰেকীয়া খৰচৰ তথ্য আমি পোৱা নাই৷ কিন্তু ধনৰ পৰিমাণ যে বাঢ়িছে সেয়া খাটাং৷ অৱশ্যে ট্ৰাম্পেও খৰচ নকৰাকৈ থকা নাই৷ ডাংকি ৰুটেৰে খোজ কাঢ়ি আমেৰিকাত সোমোৱা ভাৰতীয়ক বিনা খৰচতে বিমানেৰে আনি ভাৰতক চমজাই দিছেহি৷ কিন্তু ধনী দেশ আমেৰিকাৰ তুলনাত অসমে বিদেশীক প্ৰতিপালনৰ বাবেই খৰচ কৰি আছে কোটি কোটি টকা৷ পিছে ডিটেনশ্যন চেণ্টাৰত যে কেৱল মুছলমানেই আছে সেয়া নহয়, তাত আছে কোচ-ৰাজবংশী লোকো৷ তেওঁলোকক চৰকাৰে খুৱাই-বুৱাই ৰাখিছে৷ কিন্তু ডিটেনশ্যন চেণ্টাৰতো উঠিছে অনিয়মৰ অভিযোগ৷ হয়তো চৰকাৰী ধন আদবাটতে হৈছে অন্তৰ্ধান৷ পিছে এতিয়া আমেৰিকাৰ বিৰুদ্ধে মানৱাধিকাৰ উলংঘনৰ কথা ক’লেও অসমীয়ায়ো বিচাৰে বিদেশী বহিষ্কাৰৰ বাবে শক্তিশালী ব্যৱস্থা৷ গতিকে নাই ট্ৰাম্পক সমালোচনাৰো অধিকাৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial