আপোনালোকেও খাদ্য নিদিব

এটা বৰ ভাল কাম হৈ গ’ল বঙাইগাঁৱৰ DC নৱদ্বীপ পাঠকে সম্পাদন কৰিলে দৰকাৰী কাম এটা জিলাখনৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সোণালী বান্দৰ পথ পাৰ হোৱাৰ সময়ত প্ৰায়ে দুৰ্ঘটনাত পতিত হৈছিল গাড়ীয়ে মহতিয়াই নিছিল সোণালী বান্দৰ৷ দুৰ্লভ সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে ততালিকে DC নৱদ্বীপ পাঠকে সাজি উলিয়ালে ওলমা দলং অৰণ্যৰ পৰা ওলাই পথ পাৰ হোৱাৰ সময়ত যাতে বান্দৰ কেতিয়াও গাড়ীৰ সন্মুখত নপৰে তাৰ বাবে ১২ মিটাৰ ওপৰত ওলমা দলং নিৰ্মাণ কৰা হৈছিল ৩৪ মিটাৰ দীঘল দলংপৰীক্ষামূলকভাৱে মুকলি কৰি দিয়াৰ পিছত প্ৰশাসন সফল হৈছে ওলমা দলঙেৰে পাৰ হৈছে সোণালী বান্দৰ৷ দলঙেৰে বান্দৰৰ জাক পাৰ হোৱাৰ পিছত সমাধান হৈছে এটা ডাঙৰ সমস্যা ৪ জানুৱাৰীতো গাড়ীৰ খুন্দাত এটা সোণালী বান্দৰৰ মৃত্যুৰ পিছত স্থানীয় ৰাইঝে বিকল্প ব্যৱস্থা দাবী কৰিছিল গতিকে নৱদ্বীপ পাঠকে নিৰ্মাণ কৰালে ওলমা দলং পিছে সোণালী বান্দৰৰ দুৰ্ঘটনাৰ স্থায়ী সমাধানৰ বাবে পথাচাৰীয়েও অভ্যাস সলনি কৰিব লাগিব সেই পথেৰে ভ্ৰমণ কৰা যাত্ৰীয়ে গাড়ীৰ পৰা সোণালী বান্দৰক খাদ্য প্ৰদান কৰে ফলত এতিয়া গাড়ী দেখিলেই খাদ্যৰ আশাত কাষ চাপি যায় বান্দৰৰ জাক আচলতে সেই অভ্যাসৰ বাবে কাকৈজানাত গাড়ীৰ আগত পৰে বান্দৰ গতিকে পথাচাৰীয়ে বান্দৰক খাদ্য নিদিব৷ অন্যথা কিন্তু সমাধান নহ’ব সমস্যা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial