সংবিধানতে নাই অসম চৰকাৰৰ ব্যৱস্থা

শীঘ্ৰে বন্ধ কৰিব লাগিব অভিভাৱক মন্ত্ৰীৰ ব্যৱস্থা ৰাজ্যৰ কেবিনেট মন্ত্ৰীক জিলাৰ অভিভাৱক হিচাপে নিয়োগ কৰাটো অসাংবিধানিক সেয়ে এই অভিভাৱক মন্ত্ৰীৰ ব্যৱস্থা বন্ধ কৰিবই লাগিব ৰাজ্য চৰকাৰে বৰ্তমান অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাৰ উন্নয়নমূলক কামৰ অনলাইন নিবিদা আবণ্টন কৰোঁতে ঠিকাদাৰৰ তালিকাত স্বাক্ষৰৰ অধিকাৰ লাভ কৰিছে লগতে জিলাত বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰোঁতেও অভিভাৱক মন্ত্ৰীৰূপে ছীল-মোহৰ মাৰি চহী কৰি আছে কিন্তু অভিভাৱক মন্ত্ৰী বুলি কোনো পদৰ বিষয়ে সংবিধানত উল্লেখ নাই অৰ্থাৎ এইটো সাংবিধানিক পদ নহয় তথাপি অসংবিধানিক কাম কৰি দৈনন্দিন অভিভাৱক মন্ত্ৰী ৰূপে মোহৰ মাৰি চহী কৰিয়েই আছে মন্ত্ৰীসকলে এই বিষয়ত ইতিমধ্য়ে পলাশ ৰঞ্জন বৰুৱা নামৰ জাতীয়তাবাদী কৰ্মী ন্য়ায়ালয়ৰ দ্বাৰস্থ হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি বৰুৱাই আদালতত দাখিল কৰিছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন অসম জাতীয় পৰিষদৰো প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰিছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন তেওঁ এই আবেদনত অভিভাৱক মন্ত্ৰীৰ নিযুক্তি সম্পূৰ্ণ অসাংবিধানিক বুলি উল্লেখ কৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial