যেতিয়া ছঈফ আলি খানক চোৰে ছুৰীৰে আঘাত কৰিছিল তেতিয়া মদৰ নিচাত মাতাল হৈ আছিল কৰীনা কাপুৰ৷ কিন্তু তাৰ পিছতো ঘটি গ’ল বহু ঘটনা আচলতে সেইদিনা ছইফৰ ঘৰৰ CCTV ফুটেজৰ ভিত্তিত আৰক্ষীয়ে এজন যুৱকক আক্ৰমণকাৰী হিচাপে ঘোষণা কৰিছিল ছঈফৰ আক্ৰমণকাৰী হিচাপে অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছিল আকাশ কৈলাস কানোজিয়া নামৰ ৩১ বছৰীয়া যুৱকজনক মুম্বাই পুলিচে CCTV কেমেৰাত দেখা চোৰৰ সৈতে মিলিছিল আকাশৰ চেহেৰা ঘটনাক্ৰমে সেইদিনাই আকৌ মুম্বাইৰ পৰা বিলাসপুৰলৈ ৰে’লত গৈছিল আকাশ এটা কোম্পানীত সৰু চাকৰি কৰা আকাশে বিয়াৰ বাবে ছোৱালী চাবলৈ গৈছিল৷ কিন্তু আৰক্ষীয়ে ষ্টেশ্যনৰ CCTV ফুটেজ চাই আকাশৰ যাত্ৰাপথ বিচাৰি উলিয়ালে RPFৰো বিচাৰিলে সহযোগ৷ শেষত RPFয়ে বিলাসপুৰৰ আগৰ দুৰ্গ ষ্টেশ্যনত আকাশক গ্ৰেপ্তাৰ কৰিলে তাৰ পিছত মুম্বাই পুলিচক চমজাই দিলে৷ তেতিয়ালৈ ঘটনাটো কি একোৱেই ধৰিব পৰা নাছিল আকাশে ছোৱালী চাবলৈ যোৱাৰ পথতে কিয় গ্ৰেপ্তাৰ কৰিলে ধৰিব পৰা নাছিল নিৰ্দোষ যুৱকজনে৷ পিছত যেতিয়া ঘটনা গম পালে তেতিয়াহে আকাশ অবাক হ’ল কিন্তু তেতিয়ালৈ ছঈফৰ আক্ৰমণকাৰী বুলি আকাশৰ ফটো টিভি চেনেলে প্ৰচাৰ কৰিছিল আকাশে কিন্তু একো গম পোৱা নাছিল তদন্তৰ পিছত ওলাল যে ছঈফৰ ঘৰত সোমোৱা চোৰৰ মোচ নাছিল কিন্তু আকাশৰ মোচ আছিল এদিনতে দাড়ি নগজে যেতিয়া আকাশক আৰক্ষীয়ে এৰি দিলে কিন্তু তেতিয়ালৈ ধূলিস্যাৎ হৈ গৈছিল আকাশৰ সন্মান চাকৰিৰ পৰাও তেওঁক খেদি দিলে কোম্পানীয়ে চাবলৈ যোৱা কইনাঘৰেও অপমান কৰি সম্পৰ্ক ছেদ কৰিলে মুম্বাই পুলিচৰ এটা ভুলৰ বাবে ধ্বংস হৈ গ’ল আকাশৰ জীৱন