পুৰস্কাৰ লাগে নেকি আপোনাক

কোনোবাই নিবিচৰাকৈয়ে বঁটা পাইছে ঘোষণা হোৱাৰ পিছতহে গম পাইছে পুৰস্কাৰপ্ৰাপ্তিৰ কথা আন কোনোবাই আকৌ বঁটাৰ বাবে হাবাথুৰি খাই ফুৰিছে মুঠতে গোটেইখন খেলিমেলি হৈছে ঔপন্যাসিকা চন্দনা পাঠকে কথাবোৰ কৈ দিছে৷ পিছে এচাম লোকৰ সন্মানপ্ৰাপ্তিৰ উন্মাদনাই যে বহুতৰে বাবে পৰিস্থিতি লজ্জ্বাজনক কৰি তুলিছে নিষ্ঠাৱান, অ-নিষ্ঠাৱানৰ কন্দলখন ছ’চিয়েল মিডিয়াৰ মীম মেটেৰিয়েল হ’ব পাৰে পিছে এই কথাবোৰে ৰাজ্যৰ বাবে লজ্জ্বাজনক কেইবছৰমান আগলৈ এচাম লোকে মন গ’লেই গ্ৰহণ কৰিছিল আম্বেদকাৰ বঁটা দিল্লীত কেইহাজাৰমান টকা দিলেই আম্বেদকাৰ বঁটা পোৱাটো সহজ আছিল কিন্তু মন কৰিবচোন, এতিয়া আম্বেদকাৰ বঁটা অসমত কমিল কাৰণ বঁটাটোৰ দাম বাঢ়িল অসমতে এগৰাকী মহিলাক কেইটামান সংগঠনে ঘনাই আদৰ্শ মাতৃৰ পুৰস্কাৰ দিছিল জানি আচৰিত হ’ব, সেই বঁটা লাভৰ বাবে আয়োজিত সভাৰ খৰচ বঁটাপ্ৰাপকেই দিছিল বঁটাপ্ৰাপ্তিৰ পৰিৱেশ ইমান লজ্জ্বাজনক হৈ পৰিছে, তথাপি কিন্তু মন্দ যশ: প্ৰাৰ্থীৰ পুৰস্কাৰৰ বাবে লোভ কমা নাই লাজ-মান কাটি কৰি বঁটা লৈয়েই আছে৷ ইমান বিতৰ্কৰ পিছতো কিন্তু তেওঁলোকে এতিয়াও বঁটা নালাগে বুলি কোৱা নাই আচলতে বঁটা দিওতাক নহয় লওতাকো এতিয়া দিবলগীয়া হৈছে গতা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial