পাৰিলে এবাৰ ভাবি চাবচোন!

তই সাংবাদিক নে সাংঘাতিক! আজিকালি প্ৰতিজন সাংবাদিককে চিনাকি-আচিনাকি গ্ৰাহকেও সোধে এই প্ৰশ্ন কিন্তু অলপ ভাবকচোন আমি সাংঘাতিক-সাংবাদিকৰ প্ৰসংগ উত্থাপন কৰাৰ কাৰণ হৈছে বৃত্তিটোৰ প্ৰতি নৱপ্ৰজন্মৰ মোহভংগ যেতিয়া ভিজুৱেল মিডিয়া অসমত আৰম্ভ হৈছিল, তেতিয়াৰ পৰা বহুতৰে বাঢ়িছিল মিডিয়াৰ প্ৰতি আগ্ৰহ ফলত ২০১৪ চনৰ পৰা গুৱাহাটীতে গঢ়ি উঠিল প্ৰায় ৩০০ মাছ কমিউনিকেশ্যন শিক্ষণ প্ৰতিষ্ঠান এইবোৰত ২০২০ চনলৈ ছাত্ৰ-ছাত্ৰীৰ অভাৱো নাছিল ডিগ্ৰী-ডিপ্ল’মা আদি নিজৰ খুচিমতে বিলোৱা মাছ কমিউনিকেশ্যন ইনষ্টিটিউটে কোটিৰ ঘৰত টকা গোটালে কিন্তু গ্লেমাৰৰ মোহত বন্দী হৈ চাকৰি কৰাৰ পিছতে মিডিয়াৰ প্ৰতি আমনি লাগিল ৮০ শতাংশ নতুন সাংবাদিকৰ তেওঁলোকে আন বৃত্তি বাছি ল’লে ফলত ২০২১ চনৰ পৰা বন্ধ হৈ গ’ল ৯০ শতাংশ মাছ কমিউনিকেশ্যন ইনষ্টিটিউট শিক্ষাৰ্থীৰ অভাৱত বাকীকেইখনো বন্ধ হোৱাৰ পথত মূধাফুটা ব্যক্তিয়ে স্থাপন কৰা মাছ কমিউনিকেশ্যন ইনষ্টিটিউটটো পঢ়িবলৈ কাৰোৰে মন নাই কিন্তু দৰ্শকে অনবৰত সাংঘাতিক বুলি গালি পৰা বৃত্তিটো যদি ইমানেই লাভদায়ক তেন্তে কিয় পলাইছে নতুন সাংবাদিক পাৰিলে এবাৰ ভাবি চাবচোন!

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial