মুখ্যমন্ত্ৰীপৰ্যন্ত সকলো শীৰ্ষনেতা জে’লত সোমোৱাসত্ত্বেও দিল্লীবাসীৰ সহানুভূতি আদায় কৰিব নোৱাৰিলে আম আদমী পাৰ্টিয়ে৷ প্ৰদূষিত যমুনা, ছিছমহল আদি ইছ্যুৰে ৰাজধানীত এইবেলি আপ বধৰ উপক্ৰম কৰিছে বিজেপিয়ে৷
২৫ বছৰ পূৰ্বে দিল্লীবাসীয়ে ক্ষমতাৰ পৰা অপসাৰণ কৰা দলটোৱে পুনৰ ৰাজভাৰ উদ্ধাৰ কৰিব বুলি ইংগিত দিছে এগজিট প’লে৷ ভোটিঙৰ সমাপ্তিৰ সময়তে প্ৰকাশিত নিৰ্বাচনী জৰীপৰ মতে ৰাজধানীত যৱনিকা পৰিব আম আদমী পাৰ্টীৰ বিজয়ৰ পৰিক্ৰমাৰ৷ দীয়ে বান্ধি থ’ব অৰবিন্দ কেজৰিৱালৰ অশ্বমেধৰ দুৰন্ত ঘোঁৰা৷ ইয়াৰে সংকেতসহ চাণক্য ষ্ট্ৰেটেজিছে দাবী কৰা অনুযায়ী আপে জিকিব দিল্লীৰ মুঠেই ২৫-২৮ সমষ্টি৷ কিন্তু ৩৯ৰ পৰা ৪৫ আসন দখল কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ সমীক্ষক সংস্থা পিল’লছ পালছে বিজেপিক দিছে ৫১-৬০ সমষ্টি৷
কিন্তু আপ সৰ্বাধিক ১৯ আসনত জিকিব বুলি তেওঁলোকে অনুমান কৰিছে৷ মেট্ৰিজ প’লছৰ মতে বিজেপিয়ে প্ৰদূষিত দিল্লীত ৪৫ সমষ্টি দখল কৰাৰ সম্ভাৱনা আছে৷ অর্থাৎ তেওঁলোকৰ মতেও আপৰ প্ৰাৰ্থী সৰ্বাধিক ২৫-৩০ সমষ্টিতহে বিজয়ী হ’ব৷ অৱশ্যে কেকে ছাৰ্ভে নামৰ সমীক্ষকে আপৰ ৪৪ আসনৰ বিপৰীতে বিজেপিৰ ২৬ প্ৰাৰ্থীৰহে জয়ৰ অনুমান কৰিছে৷ কিন্তু প’ল ডায়েৰীৰ মত অনুসৰি ১৮-২৫ সমষ্টিত আপ জিকিব৷ পিছে ৪৫ আসনৰে চৰকাৰ গঠনৰ বাবে বিজেপিয়েই অৰ্জন কৰিব নিৰংকুশ সংখ্যাগৰিষ্ঠতা৷ উই প্ৰিজাইড নামৰ সমীক্ষকে কিন্তু ৰাজধানীত আপৰ বিজয়ৰ আগলী বতৰা দিছে৷ জেভিচিৰ তথ্য অনুসৰি কঠিন যুদ্ধৰ পিছত আপতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে৷ গতিকে দলটোৱেই গঠন কৰিব চৰকাৰ৷ বিগত লোকসভা নিৰ্বাচনৰ পিছত এগজিট প’ল জনতাৰ বাবে অধিক অবিশ্বাস্য হৈ পৰিলেও দিল্লীৰ পৰিস্থিতিও আপৰ কাৰণে এইবেলি অনুকূল নহয়৷ বিজেপিৰ আগ্ৰাসী প্ৰচাৰৰ বিপৰীতে নিষ্প্ৰভ হৈছিল কেজৰিৱাল৷ তথাপি তেওঁ অব্যাহত ৰাখিছে যুঁজ
৮ ফেব্ৰুৱাৰীত ফলাফল ঘোষণাৰ প্ৰাকক্ষণৰ এগজিট প’লেও কেজৰিৱালৰ ৰাজনৈতিক পতনৰে সংকেত দিলে৷ সুষমা স্বৰাজৰ পিছত আকৌ দিল্লীত বিজেপিৰ নেতা মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত দিলে সমীক্ষাই৷ কিন্তু ৰাজধানীত কংগ্ৰেছৰ বেলিমাৰ যাব বুলি সকলো জৰীপতে প্ৰতিপন্ন হ’ল৷
দিল্লীত মোদীৰ কি হ’ব!
