কি ক্ষতি কৰিলে পাঠশালা অধিৱেশনে

সাহিত্য সভাৰ অধিৱেশনে সাহিত্যৰ উপকাৰ কৰিব পাৰিলেনে নাই সেয়া পিছৰ কথা কিন্তু পৰিৱেশৰ ভীষণ ক্ষতি কৰিলে অসমৰ বায়ুমণ্ডলত পাঠশালা অধিৱেশনৰ ফলত যোগ হ’ল কেবাটন কাৰ্বন ডাই-অক্সাইড সাহিত্য সভাৰ ৬ কোটিটকীয়া অধিৱেশনে পৰিৱেশ প্ৰদূষিত কৰিলে ভট্টদেৱ ক্ষেত্ৰৰ ভোজনকক্ষত ঢকুৱাৰ থালত খাদ্য পৰিৱেশন কৰি আয়োজকে প্লাষ্টিক বৰ্জন কৰিছিল পিছে অধিৱেশন শেষ হোৱাৰ পিছত ওভোতা কাম কৰিবলৈ ওলাইছে আয়োজক এইবাৰ সাহিত্য সভাৰ নতুন সভাপতিয়ে ময়ূৰপংখী ৰথত উঠি শোভাযাত্ৰা কৰিছিল সেই ৰথখন নিৰ্মাণ কৰা হৈছিল থাৰ্ম’কলেৰে৷ যিখন অধিৱেশন শেষ হোৱাৰ পিছতে জ্বলাই দিয়াৰ সিদ্ধান্তৰ কথা আয়োজক কমিটীৰ বিষয়ববীয়াই আমাক জানিবলৈ দিছে অভিযোগ অনুসৰি অধিৱেশনৰ তোৰণ পূৰ্বতকৈ বহুগুণে ডাঙৰ কৰিবলৈ ব্যৱহৃত হৈছিল কুইণ্টল হিচাপত থাৰ্ম’কল সেইবোৰো এতিয়া জ্বলাই দিব লাগিব আয়োজক কমিটীৰ পদাধিকাৰীয়ে গোপনীয়তাৰ চৰ্তত আমাক জনোৱা অনুসৰি কিছু নিলগত দাহ কৰা হ’ব ব্যৱহাৰ কৰা থাৰ্ম’কল ফলত প্লাষ্টিক বৰ্জন কৰা সাহিত্য সভাৰ অধিৱেশনৰ ফলত অসমৰ বায়ুমণ্ডল হ’ব প্ৰদূষিত স্বাভাৱিকতে আন সংগঠনৰ অধিৱেশনতো থাৰ্মক’ল ব্যৱহাৰ কৰা হয় কিন্তু এইবাৰ সাহিত্য সভাৰ অধিৱেশনত পূৰ্বৰ অভিলেখ ভংগ হৈছে সাহিত্য সভাৰ অধিৱেশনে কমাব অসমৰ মানুহৰ আয়ুস অৰ্থাৎ বিশাল সন্মিলনে ক্ষতিহে কৰিলে ৰাজ্যৰ জনতাৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial