অমৃতাক বিজয়ী ঘোষণা

অকল ৰাধাৰ সৈতে কথা পাতিলেইতো নহ’ব কানাইমোৰ সৈতেও পাতাচোন কথা কেইদিনমান আগতে আৰম্ভ হৈছে সেই ট্ৰেণ্ডটো গানটো বাজি থাকে, বতাহতে ৰচী টনাৰ দৰে ভংগী দিলে আহি যায় স্বপ্নৰ পুৰুষ নতুবা নাৰী যি গালত আঁকি দিয়ে মৰমৰ প্ৰলেপ ট্ৰেণ্ড ফল’ কৰি বহুতে ৰীন বনালে, উপচি গ’ল ইণ্টাৰনেট কিন্তু আমি নিজাকৈ শেষত ট্ৰেণ্ডটোৰ বিজয়ী ঘোষণা কৰিলোঁ অমৃতাক এই অমৃতা নামৰ কিশোৰীগৰাকীয়ে বিশেষ ট্ৰেণ্ডটো ফল’ কৰি কোনো প্ৰিয় পুৰুষৰ সৈতে নবনালে ৰীল তেওঁ গালত মৰম সানি দিবলৈ মাতিলে স্বয়ং দৈৱকী নন্দন শ্ৰীকৃষ্ণক কিন্তু ৰাধাতে মগন শ্যামকানুৱে নুশুনিলে অমৃতাৰ কথা বাৰে বাৰে অমৃতাই ক’লে- আহা কানাই কিন্তু কানাই যে নাহিল পিছে অমৃতাও জানো কম, বৃন্দাবনত মাখন চুৰ কৰা কৃষ্ণৰ দৰেই বুদ্ধিমতী গোপী তেওঁ সেয়ে বুদ্ধি খটুৱাই শ্যামকানুৰ হাতৰ পৰা থপিয়াই নিলে বংশী বাঁহী অবিহনেনো বংশীবদনক কেনেকৈ চিনিব ৰাধাই সেয়ে বুদ্ধি কৰি অমৃতাই লৈ গ’ল শ্যামকানুৰ বংশী কানায়ে চুৰি কৰিছিল অমৃতৰ অন্তৰ৷ গতিকে অমৃতাই চুৰি কৰিলে কানাইৰ বাঁহী! আমিও অমৃতাক কৰিলোঁ এই ট্ৰেণ্ডিং ৰীলৰ বিজয়ী ঘোষণা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial