ঘোচখোৰ বিষয়াক টকা কটিয়াই দিলে জনতাই পইচাৰ বাবে অনবৰতে ৰাইজক হাৰাশাস্তি কৰি থকা বিষয়াৰ মুখত ভৰাই দিলে নোট এই ঘটনা সংঘটিত হ’ল গুজৰাটত প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ প্ৰশাসনত যে কিমান দুৰ্নীতিগ্ৰস্ত বিষয়া আছে সেয়াও ঘটনাটোৱে প্ৰতিপন্ন কৰিলে মোদীয়ে কৈ থকা গুজৰাট মডেল যে মিছা সেয়াই প্ৰমাণিত কৰিলে কাণ্ডটোৱে প্ৰাপ্ত তথ্য অনুসৰি গুজৰাটৰ বদোদৰাত এটা বিশাল এলেকাৰ লোকে বহুদিন পোৱা নাছিল পানী তেওঁলোকৰ আৱাসিক এলেকালৈ যোৱা পাইপৰ বিসংগতিৰ বাবে পানী যোগান বন্ধ হৈ আছিল সেই সামান্য সমস্যাটোও সমাধান কৰি দিয়া নাছিল বিভাগীয় বিষয়াই ৰাইজক তেওঁ বাৰে বাৰে ধন দাবী কৰিছিল৷ ঘোচ নোপোৱাৰ বাবে ৰাইজক পানী যোগানো বন্ধ কৰি থৈছিল কিন্তু শেষত জনতা অতিষ্ঠ হ’ল তেওঁলোকে পইছা গোটালে বস্তাত নোট ভৰাই বিষয়াজনৰ অফিচত শতাধিক লোক উপস্থিত হ’ল ঘোচখোৰ বিষয়াক ঘেৰাও কৰি তেওঁলোকে দিলে পইচা৷ কেমেৰাৰ সন্মুখত বিষয়াজনৰ গালৈ মাৰি পঠিয়ালে নোট দুই-একে তেওঁক নোট খুৱাই দিলে৷ পইচাৰ প্ৰতি থকা লোভ পূৰণ কৰিবলৈ মুখত ভৰাই দিলে নোট