পণ্ডিতৰ নগৰ পাঠশালাক বদনামী কৰিছে এচাম লোকে সাহিত্য সভাৰ অধিৱেশনৰ উপলক্ষত তেওঁলোকে অতিথিক প্ৰতাৰণা কৰিছে দূৰ-দূৰণিৰ পৰা পাঠশালালৈ যোৱা সাহিত্যপ্ৰেমীক প্ৰথমে আদৰ-সাদৰ কৰি একাংশ স্থানীয় লোকে প্ৰতাৰণা কৰিছে বৰ্তমান ভিৰৰ বাবে পাঠশালাত বহু ট্ৰেফিক নিষেধাজ্ঞা জাৰি কৰা হৈছে সাহিত্য সভাস্থলীৰ প্ৰায় ৮০০ মিটাৰ দূৰতে ৰাখিবলগীয়া গাড়ী৷ গুৱাহাটীৰ দিশৰ পৰা যোৱাসকলে নিৰ্ধাৰিত পাকিঙত গাড়ী থৈ খোজ কাঢ়িছে একেদৰে আনটো দিশৰ পৰা যোৱাসকলেও হৰিপুৰ চ’কতে গাড়ী থৈছে ভট্টদেৱ ক্ষেত্ৰৰ চৌদিশে হৈছে ভিৰ ইয়াৰে সুযোগ লৈ স্থানীয় এচাম লোকে পাৰ্কিঙৰ বেপাৰ কৰিছে তেওঁলোকে ঘৰতে ৰাখিবলৈ দিছে সাহিত্য সভামুখী অতিথিৰ গাড়ী প্ৰথমে তেনেই কম দামৰ কথা কৈ গাড়ী ৰাখিবলৈ দিছে দূৰৰ আলহীক কিন্তু যোৱাৰ সময়ত স্থানীয় এচাম লোকে আলহীৰ পৰা আদায় কৰিছে অধিক ধন গুৱাহাটীৰ এটা দলে জানিবলৈ দিয়া মতে তেওঁলোকে ৫ ঘণ্টা গাড়ী ৰখাৰ বিনিময়ত দিবলগীয়া হৈছে ৬০০ টকা এনে বহু অভিযোগ আমি লাভ কৰিছোঁ৷ ৰাজহুৱা স্থানতো ৰচিৰে ঘেৰি বহুতে পাৰ্কিঙৰ ব্যৱসায় কৰিছে কিন্তু ঘৰুৱাভাৱে পাৰ্কিঙৰ বেপাৰ কৰাসকলে আলহীক লুণ্ঠন কৰিছে এইসকলে ক্ষতি কৰিছে পাঠশালাৰ বিখ্যাত চহৰখনক বদনামী কৰিছে এইসকল লোকে