সুখবৰ দিহিং-পাটকাইলৈ দেশ-বিদেশৰ পৰা পৰ্যটক আহিবলৈ ধৰিছে কিন্তু লগতে দিছোঁ এটা দুখবৰ এতিয়া লগে লগে অইল ইণ্ডিয়া লিমিটেডে ধ্বংস কৰিবলৈ বিচাৰিছে অসমৰ পৰ্যটন উদ্যোগ অসমৰ ৰাজ্যিক চৰাই দেওহাহৰ বাসস্থান চৰাইপুং ৰেঞ্জৰ অন্তৰ্গত লালমাটিত আগতে OILৰ এটা তেলৰ খাদ আছিল সেই পৰিত্যক্ত খাদটোত আকৌ আৰম্ভ কৰিছে কাম বৰ্তমান গছবোৰ কাটি চাফা কৰিছে OILয়ে কিন্তু যোৱা ১৩ বছৰে কষ্ট কৰি চৰাইপুঙৰ ৰাইজে গছ সংৰক্ষণ কৰিছিল সৃষ্টি কৰিছিল এখন অৰণ্য৷ তেওঁলোকে পৰ্যটনৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰিছিল৷ কিন্তু আকৌ OIL য়ে খাদত কাম আৰম্ভ কৰা লোকসকল শংকিত হৈ পৰিছে কাৰণ যদি পুনৰাই গছ কাটি OILয়ে খাদৰ কাম আৰম্ভ কৰে স্বাভাৱিকতে দেওহাঁহৰ সংখ্যা হ্ৰাস হ’ব লগতে নোহোৱা হ’ব পৰ্যটকৰ সংখ্যা৷ ডিগবৈ বনাঞ্চলিক খণ্ডৰ অন্তৰ্গত উক্ত এলেকাত বৰ্তমান OILৰ তৎপৰতাই ৰাইজপ নিদ্ৰাহৰণ কৰিছে সকলোৱে উভতি যাবলৈ অনুৰোধ কৰিছে OILক