ব’হাগত মইনা কলিজাৰ কৰিঅ’গ্ৰাফী কি হ’ব?

নিউয়েৰ পাৰ্টী জে’লতে গ’ল মাঘ বিহুৰ উৰুকাতো জে’লৰ সেৰেকা ভাতেই খালে কিন্তু তথাপি শেষ নহয় জাৰ্নী ফ্ৰম উদয়পুৰ টু জে’ল ঠগবাজী কৰি জে’লত সোমোৱা অসমৰ প্ৰথম মহিলা কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ মুক্তি আৰু বিলম্বিত হ’ব আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছত চুমি, তাৰ্কিক আৰু বিশালে জামিন পোৱাৰ ক্ষীণ আশা দেখা গৈছিল৷ কিন্তু বৰ্তমান আৰম্ভণিৰে পৰা ট্ৰেডিং কেলেংকাৰিৰ তদন্ত কৰিবলৈ CBI সাজু হৈছে সম্পূৰ্ণ নতুনকৈ CBIয়ে কৰিবলৈ ওলাইছে অনুসন্ধান৷ গতিকে চুমিয়ে এতিয়াই কোনোপধ্যে জামিন নাপায় ভোগালীৰ পিছত বহাগ বিহুলৈ চুমি বৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাটো অনিবাৰ্য অৱশ্যে মাজতে CBIয়ে বিচাৰিলে ডিব্ৰুগড়ৰ পৰা আকৌ তিনি ব্লাফমাষ্টাৰ ক্ৰমে চুমি, তাৰ্কিক আৰু বিশালক গুৱাহাটীলৈ নিয়া হ’ব পাৰে কিন্তু CBIয়ে তদন্ত আৰম্ভ কৰাৰ পিছত পৰৱৰ্তী জন্মদিনো চুমিয়ে জে’লতে পাতিব লাগিব ৯ আগষ্টৰ জন্মদিন আগতে চুমিয়ে বেংককত পাতিছিল অনুৰাগীক কৈছিল হেল্ল’ এভ্ৰীৱান ইটজ মাই বাৰ্থডে’ কিন্তু এইবাৰ চুমিয়ে ডিব্ৰুগড় জে’লত পাতিব লাগিব জন্মদিন বেংককলৈ যাব নোৱাৰিব উঠিব নোৱাৰিব ফটো তাৰ্কিকৰ কেমেৰাৰ সলনি চেনেলৰ কেমেৰামেনৰ সন্মুখতহে লাজ লাজকৈ থিয় হ’ব লাগিব চুমি ব’হাগ বিহুত চুমিয়ে কৰিব নোৱাৰিব মইনা কলিজাৰ কৰিঅ’গ্ৰাফী জে’লৰ এচুকত আমন জিমনকৈ বহি থাকিব লাগিব তেওঁ সম্ভৱতঃ অকলে নিজানত বহি চুমিয়ে মচিব চকুলো

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial