আৰক্ষী বিষয়াৰ গালে-মূৰে হাত ফুৰাই মৰম কৰিছে বৃদ্ধাই অন্তৰৰ সমস্ত আৱেগেৰে তেওঁ OCক যাচিছে উপহাৰ মহিলাগৰাকীয়ে কৈ গ’ল- মইনো কি আনিম এয়াকো আনিছোঁ পথাৰৰ মানিমুনি আৰু বাৰীৰ ভেদাইলতা উপহাৰ দি আৰক্ষী বিষয়াজনক কৃতজ্ঞতা জনাই মাতৃহৃদয়া মহিলাগৰাকীয়ে এই বিশেষ আৰক্ষী বিষয়াজন হৈছে মুকুট কাকতি তেওঁ বৰ্তমান DSP যদিও বহুদিন মঙলদৈত কাৰ্যনিৰ্বাহ কৰিছিল যিমানেই যি নকওক, আৰক্ষীৰ বিষয়ে অসমৰ জনতাৰ মনোভাৱ কেতিয়াও বন্ধুত্বসূলভ নহয় নোৱৰাত পৰিহে ৰাইজ পুলিচৰ ওচৰলৈ যায় কিন্তু বিশেষ আৰক্ষী বি ষয়াজন সকলো অপবাদৰ মুক্ত তেওঁক ৰাইজে সিংঘম ছাৰ বুলিয়েই মাতে বহুদিন মঙলদৈত কাৰ্যনিৰ্বাহ কৰা মুকুট কাকতি আছিল সদৰ থানাৰ OC দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতাৰে পুষ্ট কাকতিয়ে বৃদ্ধাগৰাকীৰ আইনী জঞ্জাল সমাধান কৰি দিছিল গতিকে কৃতজ্ঞ বৃদ্ধাই উপহাৰৰ টোপোলা লৈ মুকুট কাকতিৰ ওচৰত উপস্থিত হ’ল তেওঁ যাচিলে মানিমুনি-ভেদাইলতাৰ টোপোলা৷ তদুপৰি তেওঁ কাকতিৰ বাবে নিছিল হাতোৰে গোঁথা ডুৱৰ মেট কিন্তু সেইখন ৰাখিবলৈ আৰক্ষী বিষয়া কাকতি অমান্তি হ’ল কিন্তু বৃদ্ধায়ো নেৰিলে নাৰাখিলে বেয়া পাম বুলিয়েই কৈ দিলে৷ পুলিচ আৰু ৰাইজৰ এই সহৃদয়তাৰ ভিডিঅ’ৱে সকলোকে আকৰ্ষণ কৰিছে মুকুট কাকতিৰ আচৰণে বুকু জুৰ পেলাইছে আমাৰ