কইনা হ’বলৈ ওলাইছে কোন

হাতত মেহেন্দী কৰিলে চুলিতো কৰিলে হাইলাইট কাৰণ ৬ তাৰিখে জানমণিৰ বিয়া চকুত হাজাৰ সপোনে জলমল কৰি উঠাৰ সময়ত মানস বৰুৱাৰে বিবাহৰ বাবে শ্যামন্তিকা শৰ্মা সাজু হৈছে মানসৰ বাগদত্তা হিচাপে শ্যামন্তিকাই ইতিমধ্যে দিছেই নিজৰ পৰিচয় এইবাৰ শিৰত সেন্দূৰ লৈ মানসৰ সৈতে সংসাৰ নামৰ সংগ্ৰামখনত নামিবলৈও সাজু হৈছে শ্যামন্তিকা অসমৰ অনুৰাগীৰ বাবে জানমণি বুলিহে বেছিকৈ চিনাকি শ্যামন্তিকা আৰু কেইঘণ্টামানৰ পিছতে মানস বৰুৱাৰ সৈতে হোমৰ গুৰিত বহিব পুৰোহিতৰ সৈতে মন্ত্ৰোচ্চাৰণ কৰি জানমণিয়ে হোমযজ্ঞত ঢালিব ঘিঁউ অনুৰাগীয়ে আশা কৰিছে- হোমৰ জুইতে জাহ যাওক শ্যামন্তিকাৰ জীৱনৰ সকলো বিষাদ হোমাগ্নিয়ে ভস্ম কৰি পেলাওক তেওঁৰ দুখবোৰ৷ শ্যামন্তিকা আজীৱন হওক সুখী হোমৰ কাষত বহি দৰা মানসৰ কাষত শ্যামন্তিকাই গাওক সুখৰ মন্ত্ৰ প্ৰয়াত চিনেমা পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানসৰ ভাৰ্যা হ’বলৈ ওলোৱা জানমণিয়ে জীৱনত বগাব সুখৰ পাহাৰ চিৰজীৱনলৈ উজ্জ্বল হৈ ৰ’ব তেওঁৰ হাতৰ মেহেন্দীৰ ৰং অজস্ৰ অনুৰাগীৰ লগতে আমিও তেওঁলৈ যাচিছোঁ শুভকামনা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial