অচিনাকি যুৱতী দেখিলেই বুজিব আৰু…

বেশ্যাৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে অসম অসমৰ মাজেৰে পাৰ হৈছে বেশ্যা অসমক ট্ৰেনজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰি বাংলাদেশৰ পৰা চলি আছে মানৱ সৰবৰাহ দেশখনৰ অস্থিৰ পৰিৱেশৰ পিছত সৰবৰাহ অধিক হাৰত বৃদ্ধি হৈছে অসমলৈ অহাৰ পিছত বাংলাদেশৰ যুৱতী দেশৰ ভিন্নপ্ৰান্তলৈ চালান দিছে দালালে পশ্চিমবংগ আৰু দিল্লীৰ বেশ্যালয়তো সোমাইছে বাংলাদেশৰ যুৱতী বৰ্তমান গাৰো পাহাৰ হৈ গোৱালপাৰাত সোমাইছে বাংলাদেশী যুৱতী দালালৰ চক্ৰই তাৰ পৰা দুধনৈ আৰু কৃষ্ণাইলৈ প্ৰেৰণ কৰে যুৱতীসকলক৷ সেইসকল বঙাইগাঁও ৰে’ল ষ্টেশ্যনৰ পৰা দেশৰ ভিন্ন স্থানলৈ গুচি যায় তাতে তেওঁলোকক দালালে দিয়ে জাল নথি-পত্ৰ এই তথ্য সদৰী কৰিছে এজন শীৰ্ষ আৰক্ষী বিষয়াই৷ অসম পুলিচৰ উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ বিষয়াগৰাকীয়ে গোপনীয়তাৰ চৰ্তত প্ৰকাশ কৰা মতে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনো হৈছে বেশ্যা সৰবৰাহৰ হটস্পট বাংলাদেশৰ অস্থিৰতাৰ বাবে অসমলৈ অহা বাংলাদেশী যুৱতীসকলৰ ভিতৰত বেছিভাগেই হৈছে ৰহিংগ্যা তেওঁলোকে ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশ কৰিছিল কিন্তু বাংলাদেশৰ সৈতে সম্পৰ্ক থকা অসমৰ দালালেই চলাই আছে এই মানৱ সৰবৰাহৰ বজাৰখন সেইসকলে এগৰাকী যুৱতীৰ বিনিময়ত বেশ্যালয়ৰ এজেণ্টৰ পৰা পাইছে ৩০ হাজাৰ টকা অসমত উপস্থিত হোৱাৰ পিছত এইসকল বাংলাদেশী যুৱতীক কলকাতাৰ সোণাগাচি আৰু দিল্লীৰ জিবি ৰোডৰ বেশ্যালয়লৈ দিয়া হৈছে চালান য’ত চৰ্দাৰৰ অধীনত দেহ ব্যৱসায় কৰি তেওঁলোকে উপাৰ্জন কৰিছে শেহতীয়াকৈ দিল্লীত সংঘটিত কেবাটাও ঘটনা দেহ ব্যৱসায়ীৰ এজেণ্টৰ সংঘতাৰ ফলতে ঘটিছে তেতিয়াহে ফাদিল হৈছে বেশ্যাৰ সৰবৰাহৰ নেটৱৰ্ক অসম হৈ দেশৰ ভিন্নস্থানলৈ যোৱা বেশ্যাৰ দলটো কিন্তু নিৰাপত্তাজনিত কাৰণতো ভয়ংকৰ কাৰণ যুৱতীৰ দলৰ সৈতে আহিব পাৰে জেহাদী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial