অস্ত্ৰ সম্বৰণ কৰিয়েই ৰাজভোগ কৰাৰ সৌভাগ্য কেইজনৰ হয়? হাগ্ৰামা মহিলাৰীৰ হৈছিল৷ দেশৰ শত্ৰু বুলি ঘোষিত হোৱাৰ পিছতো দেশ শাসনৰ সুবিধা কেইজনে পায়? হাগ্ৰামা মহিলাৰীয়ে পাইছিল বড়ো লিবাৰেশ্যন টাইগাৰ্ছ অৰ্থাৎ BLT নামৰ সংগঠনটোৰ নেতা হিচাপে হাগ্ৰামা মহিলাৰীয়ে যেতিয়া লালকৃষ্ণ আদৱানিৰ সৈতে সমানে বহি BTC চুক্তি কৰি BTAD গঠন কৰিছিল, তেতিয়া কোকৰাঝাৰত ফটকা ফুটিছিল হাগ্ৰামা উভতি আহিছিল৷ বড়ো উগ্ৰপন্থীৰ পৰা তেওঁ হৈ পৰিছিল বড়োভূমিৰ শাসক তাৰ পিছত হাগ্ৰামাই কেতিয়াও উভতি চাবলগীয়া হোৱাই নাছিল ব্যৰ্থতা কি সেয়া পাহৰিয়েই পেলাইছিল হাগ্ৰামাই হাগ্ৰামাই খুলুমবাই বুলি ক’লেই ভোট দিছিল বড়ো ভোটাৰে নাম পাইছিল BTCৰাজ BTC কোঁৱৰ একেৰাহে BTCৰ শাসক, কংগ্ৰেছ চৰকাৰৰ দিনত দিছপুৰৰো কিংমেকাৰ সখীয়েক চন্দন ব্ৰহ্ম, প্ৰমিলাৰাণী ব্ৰহ্ম, ৰিহণ দৈমাৰীক একক শক্তিৰেই তৰুণ গগৈৰ কেবিনেটত হাগ্ৰামাই সুমুৱাই দিছিল তৰুণ গগৈৰ নিচিনা খামীডাঠ মুখ্যমন্ত্ৰীকো কঁপাই দিছিল হাগ্ৰামাই পিছে… ক’ত ভুল কৰি পেলালে হাগ্ৰামাই? সকলো অংকই শুদ্ধকৈ কৰা হাগ্ৰামাৰ ভুল ক’ত হ’ল? প্ৰশ্নটো সুধিবই লাগিব৷ কাৰণ একালৰ অখণ্ড প্ৰতাপী হাগ্ৰামা আজিৰ ৰাজনীতিত ট্ৰেজিক নায়ক অসমৰ ৰাজনীতিৰ সবাতোকৈ ট্ৰেজিক নায়ক বুলি ক’লে যাৰ কথা একাষাৰেই এতিয়া ক’ব পাৰি, তেৱেঁই হাগ্ৰামা নায়ক হ’ব খুজি হাগ্ৰামা খলনায়ক হৈছে৷ কিন্তু তথাপি এটা কথা ক’ব লাগিব- যাক হাগ্ৰামাই সবাতোকৈ বেছি বিশ্বাস কৰে, তেৱেঁই হাগ্ৰামাৰ বুকুত মাৰি দিয়ে ছুৰী
প্ৰথমে হাগ্ৰামাক আলিংগন কৰি পিঠিত ছুৰী সুমুৱাইছিল বিশ্বজিৎ দৈমাৰীয়ে৷ বহুতকে বঞ্চিত কৰি যি vo-বিশ্বজিতক হাগ্ৰামাই আকৌ ৰাজ্যসভালৈ পঠিয়াইছিল, তেওঁ হাগ্ৰামাক এৰি গেৰুৱা সত্ৰত শৰণ ল’লে৷
দ্বিতীয়তে আহিল চন্দন ব্ৰহ্ম৷ হাগ্ৰামাৰ বিয়াত চন্দনৰ পছন্দমতে হৈছিল মণ্ডপ৷ উপহাৰ হিচাপে চন্দনে হাগ্ৰামাক গাড়ী এখন দিছিল৷ সেই প্ৰাণবন্ধু চন্দনেও BPF এৰি দিলে৷ প্ৰমোদ বড়োৰ UPPLত চন্দনে নামভৰ্তি কৰিলে৷ সৰ্বশেষত আহিল খাম্ফা বৰগয়াৰীৰ নাম৷ এই খাম্ফাক যোৱা লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ টিকট দিছিল হাগ্ৰামাই৷ পৰিষদীয় নিৰ্বাচনতে হৰা খাম্ফাক হাগ্ৰামাই ইমানেই বিশ্বাস কৰিছিল যে জয়ৰো সপোন দেখিছিল খাম্ফাৰ হৈ প্ৰচাৰো চলাইছিল হাগ্ৰামাই৷ একমাত্ৰ সেইটো কথাতে হাগ্ৰামাই হেৰুৱাবলগীয়া হ’ল পৃথ্বীৰাজ নাৰায়ন দেৱ মেচৰ দৰে প্ৰতিশ্ৰুতিসম্পন্ন যুৱনেতাক৷ পূৰ্বে কথা দিও পৃথ্বীৰাজক হাগ্ৰামাই কোকৰাঝাৰত BPFৰ টিকটৰ পৰা বঞ্চিত কৰিলে৷ ফলত পৃথ্বীৰাজ BPF এৰি গুচি গ’ল৷ কিন্তু শেষত সেই খাম্ফায়ো হাগ্ৰামাৰ বুকুত ছুৰী মাৰি দিলে যোৱা দুটা নিৰ্বাচনত হাগ্ৰামাই কোকৰাঝাৰত যাকেই টিকট দিছে সকলোৱে এৰিলে দল মীৰজাফৰৰূপী প্ৰতাৰক-চাতুকাৰৰ আবেষ্টনীত আহত হাগ্ৰামা তেজে তুমৰলি হৈ পৰি থাকিল সময়বোৰ সলনি হ’ল, হাগ্ৰামাই কৰিব পৰা একো নাই এতিয়া হাগ্ৰামা নীৰৱ হাগ্ৰামা এতিয়া নিস্তব্ধ
ৰাজনীতিৰ যুদ্ধত আহত হাগ্ৰামা মহিলাৰী
