যৌনশক্তি নোহোৱা হৈছে অসমীয়া পুৰুষৰ ষ্টেমিনাহীন হৈ পৰিছে অসমৰ পুৰুষকুল শক্তিহীন পুৰুষৰ একমাত্ৰ সাৰথি হৈ পৰিছে বান্দৰ কেঁকোৱা কেইদিনমান আগলৈ বাৰীৰ সবাতোকৈ অলাগতিয়াল গছজোপা বুলি ভবা বান্দৰ কেঁকোৱা বিচাৰি ভিৰ কৰিছে নিৰ্বীৰ্য পুৰুষে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰদৰ্শনীতো বান্দৰ কেঁকোৱাৰ গুণাগুণৰ বিষয়ে প্ৰচাৰ কৰা হৈছে গাত লাগিলেই ভয়ংকৰ খজুৱতিৰ বাবে কুখ্যাত বান্দৰ কেঁকোৱা ঔষধী শক্তিৰ বাবে হৈ পৰিছে বিখ্যাত৷ চিকিৎসা বিজ্ঞানীৰ মতে বান্দৰ কেঁকোৱা হৈছে সৰ্বৰোগ নিৰাময়কাৰী দৰৱ বান্দৰ কেঁকোৱাৰ দ্বাৰা তৈয়াৰী দৰৱ খালে নপুসংক পুৰুষৰ যৌনশক্তিও দুৰ্দান্ত হৈ পৰে তদুপৰি মানসিক ৰোগতো বান্দৰ কেঁকোৱা উপযোগী বয়সৰ ছাপ নোহোৱা কৰাৰ বাবে বান্দৰ কেঁকোৱাৰ দৰৱ মহৌষধ কমেও কুৰিবিধমান ৰোগ বান্দৰ কেঁকোৱাই ফল দিয়ে তদুপৰি বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত বান্দৰ কেঁকোৱাৰ এটা উন্নত প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে যিবিধৰ গুটিয়ে খজুৱতিৰ দৰে সমস্যাৰ সৃষ্টি নকৰে৷ এইবিধ প্ৰজাতিৰেই ক্ষেত্ৰীত তিনিবিঘা মাটিত বান্দৰ কেঁকোৱাৰ খেতি কৰিছে খনীন্দ্ৰ দাস নামৰ খেতিয়কজনে তেওঁ সদৰী কৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত বান্দৰ কেঁকোৱা ১ কেজিৰ দাম ৩৫ হাজাৰ টকা বান্দৰ কেঁকোৱাৰ জৰিয়তে হাজাৰ বিজাৰ দৰৱ উৎপাদন কৰা হয় সেয়ে সাহিত্য সভাৰ প্ৰদৰ্শনীত ৰাইঝক বান্দৰ কেঁকোৱাৰ গুণাগুণৰ বিষয়ে তেওঁ বুজাই দিছে বান্দৰ কেঁকোৱাৰ খেতিৰ ফলত হোৱা লাভৰ কথা ৰাইজৰ মাজত প্ৰচাৰ কৰিছে লোকজনে সাহিত্য সভাৰ অধিৱেশনত আকৰ্ষণৰ মধ্যবিন্দু হৈ পৰিছে বান্দৰ কেঁকোৱা