মালিকবোৰ দেউলীয়া হ’ল

অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ ধ্বংস হ’ল নেকি? আৰ্থিক দুৰৱস্থাৰ গৰাহত নেকি চাহ উদ্যোগ? কথাটো সোধাৰ কাৰণ আছে৷ বৰ্তমান চাহ বাগিচাৰ মালিকপক্ষই কৰিবলগীয়া কামবোৰো চৰকাৰে মূৰ পাতি ল’বলগীয়া হৈছে পূৰ্বে কিন্তু এনে হোৱা নাছিল চৰকাৰে মালিকপক্ষক চাহ শ্ৰমিকক বিভিন্ন সুবিধা দিবলৈ বাধ্যহে কৰিছিল চাহ বাগিচা শ্ৰমিক আইন মতেও সেয়াই ধৰা-বন্ধা নিয়ম কিন্তু শেহতীয়াকৈ চৰকাৰে ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচাৰ হস্পিতাল আয়ুস্মান আৰোগ্য মন্দিৰলৈ ৰূপান্তৰ কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে কিন্তু কথাটো সহজ নহয় স্বাভাৱিকতে চাহ শ্ৰমিকেও সকলো নিৰ্ধাৰিত সুবিধা পাবই লাগিব পিছে চাহ বাগিচাৰ মালিক পক্ষই ব্যৱসায় কৰিছে যেতিয়া শ্ৰমিক পৰিয়ালসমূহক চিকিৎসা ; শিক্ষাৰ সা-সুবিধাও দিব লাগিব পিছে মালিকৰ সলনি এতিয়া তাৰ দায়িত্ব লৈছে চৰকাৰে চাহ বাগিচাত মডেল স্কুল-কলেজ চৰকাৰী ধন ভাঙি নিৰ্মাণ কৰি দিয়া হৈছে চাহ বাগিচাৰ ৰাস্তা-ঘাট নিৰ্মাণৰো দায়িত্ব লৈছে চৰকাৰে বাগিচাই বাগিচাই দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰিছে চৰকাৰে তদুপৰি চাহ শ্ৰমিকক সকলো চৰকাৰী সুবিধাও দিবলগীয়া হৈছে চৰকাৰেই তেন্তে প্ৰশ্ন হয় বাগিচা মালিকে শ্ৰমিকক মজুৰি দিয়াৰ বাদে আন দায়িত্ব নাই নেকি? দেশৰ ভিতৰতে আকৌ অসমতে চাহ শ্ৰমিকৰ মজুৰিও নামমাত্ৰ পি এফৰ ধন পাবলৈয়ো হাহাকাৰ কৰিবলগীয়া হয় যদি চাহ বাগিচাৰ সকলো দায়িত্ব চৰকাৰেই লবলগীয়া হয়, তেন্তে মালিকপক্ষৰ খৰছ কমিব লাগিছিল এনে বহু প্ৰশ্ন সম্প্ৰতি উত্থাপিত হৈছে৷ কিন্তু নাই উত্তৰ দিওতা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial