আগতে কেতিয়াও এনে হোৱা নাছিল
এইবাৰ কিন্তু হৈছে সমীৰণ ফুকন আছুৰ সাধাৰণ সম্পাদক হোৱাৰ পিছত শুভেচ্ছাৰে ওপচাই পেলাইছে শাসকীয় দলৰ নেতাই ফে’চবুকত বিজেপিৰ শতাধিক নেতাই সমীৰণক অফুৰন্ত শুভেচ্ছা জনাইছে পল্লৱলোচন দাস, তপন গগৈ আদিয়েও শুভকামনা জনাইছে সমীৰণক শিৱসাগৰ অধিৱেশন শেষ হোৱাৰো বহুদিন হ’ল কিন্তু ৰাজনৈতিক নেতাৰ শুভকামনা শেষেই হোৱা নাই কথাটো কলিয়াবৰত সতিনী মৰিল, ঢেঁকী দিওতে মনত পৰিল ধৰণৰহে হৈছেগৈ আপেক্ষিকভাৱে কথাটো নেতাসকলে নিজৰ বাবেই সমস্যাৰ সৃষ্টি কৰাৰ ধৰণৰ হৈছে কাৰণ আছু জাতীয়তাবাদ লক্ষ্যৰ চেষ্টাত সফল হ’লে বিজেপিৰে বিপদ হ’ল কিন্তু শুভকামনাৰ ঢল দেখি বহুতে কৈছে বিপৰীতমুখী কথা অৱশ্যে সাধাৰণ সম্পাদক হোৱাৰ পিছত সমীৰণে কাম আৰম্ভ কৰি দিছে প্ৰথমটো কাম হিচাপে শিৱসাগৰত গাহৰি মাংসৰ ভোজ দিছে সমীৰণে কেবাকুইণ্টল গাহৰিৰ ভোজ খাইছে আছু নেতাসকলে সাধাৰণ সম্পাদক হিচাপে প্ৰথমটো কামত সফল হৈছে সমীৰণ তেওঁ সফলতাৰে আয়োজন কৰিছে গাহৰি মাংসৰ ভোজ এতিয়া পৰৱৰ্তী কামত হাত দিব সমীৰণে৷ আৰম্ব কৰিব পৰিক্ৰমা
কলিয়াবৰত সতিনী মৰিল, ঢেঁকী দিওতে মনত পৰিল!
