উলংগ ফকীৰক পূজা কৰিছিল মহন্তই

এতিয়া হুলস্থুল লাগিছে কিন্তু উলংগ মুনি আগতেও অসমলৈ আহিছিল ২০০১ চনত পদব্ৰজে অসম পৰিভ্ৰমণ কৰিছিল উলংগ ফকিৰে৷ দিগম্বৰ মুনিয়ে তেতিয়া নিৰাপত্তাৰ মাজত অসম ভ্ৰমণ কৰিছিল কিন্তু সেইবাৰ ঘটিছিল এটা আমোদজনক ঘটনা আচলতে সেইবাৰ উলংগ ফকিৰ অহাৰ সময়তে নিৰ্বাচনৰো কুচকাৱাজ চলি আছিল তেতিয়া শাসনত আছিল অগপ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ তুংগত উঠিছিল তেতিয়া যথাসময়তে গুৱাহাটীত উপস্থিত হৈছিল উলংগ মুনি সেই সময়তে ফাঁচীবজাৰৰ ওচৰতে কনভয়সহ মহন্তই সাক্ষাৎ কৰিছিল উলংগ বাবাক সপত্নীক মহন্তই দিগম্বৰ মুনিৰ আশীৰ্বাদ লৈছিল নিয়ম অনুসৰি দিগম্বৰ বাবাৰ লিংগত গাখীৰ ঢালিছিল মহন্তই শিৰ নত কৰা মহন্তক আশীৰ্বাদ দিছিল উলংগ বাবাই মহন্তক তেতিয়া সংগ দিছিল এদল পালিনেতাই কিন্তু উলংগ ফকিৰৰ আশীৰ্বাদে সেইবাৰ মহন্তক ৰক্ষা কৰিব নোৱাৰিলে ২০০১ চনতে মহন্তৰ সাম্ৰাজ্যৰ বেলিমাৰ গ’ল৷ তাৰ পিছত মহন্তৰ আকৌ কাহানিও উত্থান নঘটিল তেওঁ উলংগ বাবাৰ লিংগত গাখীৰ ঢালিও নিৰ্বাচনত জিকিব নোৱাৰিলে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial