ফুলমাস্ক হেলমেট পৰিহিত ৰাইডাৰে পকাই দিছে এক্সেলেটৰ ডিস্ক ব্ৰেকৰ প্ৰচণ্ড ঘৰ্ষণত ধৰ্ষিতা হৈছে পথৰ বিটুমিন ফাৰ্ষ্ট-ছেকেণ্ড-থাৰ্ড- থিতাতে সলনি হৈছে গিয়েৰ চহৰীয়া সৰ্পিল পথত সৰস্বতী পূজাৰ পৰিচিত ভিৰকো নেওচি অকাই-পকাই আগবাঢ়িছে ৩৫০ চিচিৰ আধুনিক বাইক অৱশ্যেই মটৰ চাইকেলত অকলশৰীয়া নহয় তেজী ডেকা ৰাইডাৰ বাইকৰ উঠঙা পিছছিটত বহি আছে চাদৰ-মেখেলা পিন্ধি সৰস্বতীৰ দৰেই ৰূপৱতী হৈ পৰা এগৰাকী দেৱী যাৰ কঁপালত আছে এটা ৰঙা ফোট ওহো, অৱশ্যেই সেয়া সেন্দূৰ নহয় দেৱীস্তুতিৰ পিছত কঁপালত পূজাৰীয়ে আঁকি দিয়া তিলকে অনামিকা যুৱতীক কৰি তুলিছে ৰক্তবৰ্ণা সলাজ মুখ, গাত যি মেৰিয়াই লৈছে চাদৰ-মেখেলাৰ মেচ্চিং ছেট তেওঁ বাধ্য, বাইকৰ উঠঙা ছিটত বহি ৰাইডাৰৰ গাত প্ৰায় উবুৰি খাই পৰিবলৈ ৰূপৱতী বাধ্য হয় আছে, লক্ষ্যবিহীন যাত্ৰাও প্ৰথমে মাদকতাময় বাইকৰ সশব্দ গৰ্জনৰ মাজতে জীপাল হৈ পৰা সময়কণত পাতি যাবলৈয়ো ভাল লাগে মিঠা মিঠা কথা গুৱাহাটীৰ দীঘলীপুখুৰী, শিৱসাগৰৰ বৰপুখুৰী পাৰত আজি চাকৈচকোৱাৰ ভিৰ হৈছে টিলিঙা মন্দিৰলৈ যোৰ পাতি যাব নোৱাৰিলেও আজি দীঘলীপাৰত কোনে অকলে বহা নাই অকলে বহাজন হয় ফেৰীৱালা অন্যথা ভগ্ন হৃদয়ৰ প্ৰেমিক! সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈয়েও আজি সংগীৰ মন ভৰাই পেলাইছে, চূড়মাৰ্ছন হলৰ কাষতে আকৌ চকুৰ চিনাকি ল’ৰাটোৰ সৈতে কথা পাতিছে ছেকেণ্ড ছেমিষ্টাৰৰ মধুলেখাই মুঠতে আজি কোলাহলৰ মাজতো তেওঁলোকে পাতিছে কথাবোৰ৷ বহুদিনৰ সাঁচতীয়া কথাবোৰ আজিয়েই উলিয়াই পেলাইছে৷ বাগৱেদীৰ শপত, কথাবোৰ কিন্তু সঁচা! সঁচাকৈয়ে সঁচা সৰস্বতীৰ শপত!