CAA আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰিছিল যতীন বৰাই৷ কিন্তু তেওঁৰ সৈতে প্ৰায় একেলগে দলটো এৰিছিল এগৰাকী চিকিৎসকে৷
অসমৰ হুইছেল ব্ল’ৱাৰ হিচাপে স্বীকৃত চিকিৎসকগৰাকী আছিল ডাঃ অংশুমিতা গগৈ৷
অৱশ্যে CAA আন্দোলন শেষ হোৱাৰ পিছত যতীন বৰাৰ সৈতে একেলগে সংবাদমেল সম্বোধন কৰি বিজেপিলৈ উভতিছিল অংশুমিতা৷
পেছাত ডেণ্টিষ্ট ডাঃ অংশুমিতা বৰ্তমান পাহৰণিৰ গৰ্ভত লীন হৈছে৷ দল বা চৰকাৰৰো কোনো পদত নাই অংশুমিতা৷
কিন্তু তেওঁৰ বাবেই ২০১৬ চনত ফাদিল হৈছিল APSC কেলেংকাৰি৷ নানা অভিযোগৰ পিছত প্ৰমাণসহ অংশুমিতাই APSC কেলেংকাৰি ফাদিল কৰিছিল৷
২০১৬ৰ অক্টোবৰত ৰাকেশ পালৰ সহযোগী নৱকান্ত পাতিৰে ডাঃ অংশুমিতা গগৈক চৰকাৰী স্থায়ী পদত নিযুক্তিৰ বন্দৱস্ত কৰিছিল ১০ লাখ টকাত।
তাৰ পিছতে পৰিকল্পনা মতে ২০১৬ চনৰ ২৭ অক্টোবৰত অংশুমিতাই ১০ লাখ টকা লৈ দালাল নৱকান্ত পাতিৰক ডিব্ৰুগড়ৰ বাসগৃহত সাক্ষাৎ কৰিছিল৷ লগত আছিল চিভিল ড্ৰেছত আৰক্ষীৰ লোক।
অংশুমিতাই বন্দৱস্ত অনুসৰি ১০ লাখ টকা দিয়াৰ লগে লগে আৰক্ষীৰ দলটোৱে ৰাকেশ পালৰ দালাল পাতিৰক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল৷
তাৰ পিছতে ৯৩৬/১৬ নম্বৰত প্ৰথমে ৰুজু হৈছিল গোচৰ৷ যাৰ বাবে APSC কেলেংকাৰি প্ৰমাণিত হৈছিল৷ পিছলৈ স্বামীৰ জীৱন বীমাৰ পৰা লাভ কৰা অংশুমিতাৰ ১০ লাখ টকাও বহুদিন জব্দ কৰি ৰখা হৈছিল৷
সেই সময়ত অংশুমিতাক তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছিল নিৰাপত্তাৰক্ষী৷
কিন্তু সেইগৰাকী হুইছেল ব্ল’ৱাৰ অংশুমিতা বৰ্তমান হেৰাই গ’ল৷
APSCৰ নায়িকা হেৰাই গ’ল কিয়?
