মিনিস্কাৰ্টে কৰিলে লজ্জিত

উপস্থিত আছিল কেবাগৰাকী সুন্দৰী৷ কিন্তু পূৰ্ণিমাৰ জোনবাইৰ দৰেই ৰূপৰ পোহৰেৰে সকলোকে অনুজ্জ্বল কৰি পেলালে পূজা হেগড়েই৷
নতুন চিনেমা দেৱৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এযোৰ ৰঙা বস্ত্ৰ পিন্ধি উপস্থিত আছিল সুন্দৰী অভিনেত্ৰীগৰাকী৷ অলংকাৰ অবিহনে যেতিয়া পূজা কেমেৰাৰ সন্মুখত থিয় হ’ল তেতিয়াই সকলো হৈ পৰিল হতবাক৷
তেওঁৰ ৰূপৰ পোহৰে উজ্জ্বল কৰি পেলালে প্ৰেক্ষাগৃহটো৷ আন তাৰকাসকলো পূজাৰ সন্মুখত হৈ পৰিল নিষ্প্ৰভ৷
পিছে মিনিস্কাৰ্ট পিন্ধি সংবাদমেলত আসন গ্ৰহণ কৰাৰ সময়ত বিপদতো পৰিল পূজা৷ কেমেৰাৰ সন্মুখত বহিবলৈ চেষ্টা কৰি তেওঁ অস্বস্তি অনুভৱ কৰিলে৷
কাৰণ আসন গ্ৰহণ কৰাৰ পিছতে জিলিকি পৰিল পূজাৰ অন্তৰ্বাস৷ নতুন চিনেমা দেৱৰ ট্ৰেইলাৰ মুকলি পৰ্বত পূজাই পৰিধান কৰিছিল ডেভিদ কোমাৰ অফ-ছ’লজাৰ মিনি ড্ৰেছ৷
এইখন চিনেমাত সাহসী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে পূজাই৷ তেওঁৰ বিপৰীতে আছে শ্বাহিদ কাপুৰ৷
কিন্তু নতুন চিনেমাৰ ট্ৰেইলাৰ মুকলি কৰাৰ সময়তে পূজাই লাজ পালে৷ সাংবাদিকৰ সৈতে কথা পতাৰ সময়তে ফেশ্যনেবল স্কাৰ্ট ডাং খাই গ’ল৷
তথাপি কিন্তু পূজা সাংবাদিকক সম্বোধন কৰিলে৷ সমাপ্ত কৰিলে সংবাদমেল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial