অংসগঠিত কলিতাক সন্তুষ্ট কৰাৰ চেষ্টা

পূৰ্বে কোনেও কেতিয়াও নকৰা ৰাজনীতি আৰম্ভ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজনৈতিক বুদ্ধিমত্তা প্ৰদৰ্শন কৰি তেওঁ কলিতা পলিটিক্সৰ সূচনা কৰিছে৷
সত্য কথাটো হৈছে কলিতা জনগোষ্ঠী অসমৰ জনসংখ্যাৰ বৃহৎ অংশ হ’লেও ৰাজনৈতিকভাৱে প্ৰভাৱহীন৷ একমাত্ৰ পলাশবাৰীৰ বাদে কোনো সমষ্টিতে কলিতা ভোটাৰে নিৰ্বাচনত প্ৰাৰ্থী জিকাব নোৱাৰে৷ থূপ খাই থকাৰ সলনি অসমৰ কলিতাসকল সিঁচৰতি হৈ থকাৰ বাবে ৰাজনৈতিকভাৱে এই জনগোষ্ঠীৰ শক্তি কম৷
আহোম, মটক অথবা মিঞাৰ ৰাজনৈতিক নেতৃত্ব নিৰ্ধাৰণৰ শক্তিৰ দৰে কলিতা জনগোষ্ঠীৰ ক্ষমতা নাই৷
কিন্তু অসমৰ সৰ্বত্ৰ সিঁচৰতি হৈ থকা কলিতাসকলৰ সমৰ্থন একচেতিয়াভাৱে লাভ কৰিবলৈ বুদ্ধি কৰিছে অসম বিজেপিয়ে৷ কাৰো চকুত নপৰা ভোটাৰসকলক সংগঠিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই বুদ্ধি পাঙিছে৷
সেইবাবেই কলিতা প্ৰতিনিধি দিলীপ শইকীয়াক পতা হৈছে প্ৰদেশ বিজেপিৰ সভাপতি৷ একেদৰে বহুদিন মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈ থকাৰ পিছত ডিব্ৰুগড়ৰ কলিতা বিধায়ক প্ৰশান্ত ফুকনকো মন্ত্ৰী পতা হৈছে৷
তদুপৰি ইতিমধ্যে মন্ত্ৰীসভাত আছে কলিতা জনগোষ্ঠীৰ জয়ন্ত মল্লবৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰী৷
কলিতা জনগোষ্ঠীৰ প্ৰায় এডজন বিধায়কো বিজেপিত আছে৷ সেয়ে মুখ্যমন্ত্ৰীয়ে সময়ৰ শৰ সময়ত মাৰি কলিতাসকলক তুষ্টিকৰণৰ চেষ্টা চলাইছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial