CSRৰ পইচা কোনে খালে?

উজনিৰ বহু লোকৰ বাবে কেৱল চান্দা তোলা সংস্থাহে হৈ পৰিব NRL অথবা OIL
কিছুদিন পূৰ্বে বোকাখাতৰ এখন গাঁৱৰ নামঘৰৰ নামত দান কৰা ৰাজহুৱা ভূমি দখল কৰি এটা অখ্যাত সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল৷
তাৰ বাবে কেইজনমান বিশেষ ব্যক্তিয়ে NRLৰ পৰা সংগ্ৰহ কৰিছিল কেবালাখ টকা৷
পিছে শোধনাগাৰৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা সেই বিশেষ সংগঠনটোৰ কাৰ্যালয়টো বৰ্তমান অদৃশ্য হৈ পৰিল৷ কাৰ্যালয়ৰ পৰিৱৰ্তে দুজন লোকৰ ব্যক্তিগত অট্টালিকাহে সেই স্থানত থিয় হৈ আছে৷
অৰ্থাৎ NRLৰ CSRৰ ধনেৰে দুই দালালে সাজি ল’লে ব্যক্তিগত ঘৰ৷
কেইদিনমান পূৰ্বে আকৌ বোকাখাটৰ কমলা মিৰি চিভিলৰ গে’টৰ কাষতে NRLৰ CSRৰ ধনেৰে দুটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল৷ নুমলীগড় শোধনাগাৰৰ পুঁজিৰে সেই শৌচাগাৰ সাধাৰণ ৰাইজৰ বাবে দালালে নিৰ্মাণৰ ঘোষণা কৰিছিল৷
কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি কৰা নহ’ল শৌচাগাৰ দুটা৷ এতিয়াও সেই দুটা তলাবন্ধ হৈয়েই থাকিল৷
অভিযোগ অনুসৰি শোধনাগাৰৰ একাংশ লুভীয়া বিষয়াৰে মিতিৰালি থকা এচাম লোকে CSRৰ ধন লুট কৰি আহিছে৷
পিছে ৰাইজৰ বাবে নিৰ্মাণ কৰা সেই বিশেষ প্ৰকল্পত কেইজনমান নিৰ্দিষ্ট ঠিকাদাৰৰহে অধিকাৰ থাকে৷ অভিযোগ অনুসৰি সেই টকাৰ ভাগ পায় নিৰ্দিষ্ট বিষয়াই৷
এই বিষয়ে আমি লাভ কৰিছোঁ সবিশেষ তথ্য৷ পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম সেই তথ্য৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial