ৰাস্তা পাৰ হ’বলৈ যাব লাগে ৩ কিলোমিটাৰ

ফ’ৰ লেনৰ নামত কিছুদিনৰ পৰা মধ্য অসমৰ ৰাইজে যমৰ যাতনা ভুগিছো।
ডিভাইদাৰ বন্ধ কৰি ঠিকাদাৰে হাৰাশাস্তি কৰিছে জনতাক৷
বিশেষকৈ শোণিতপুৰ, নগাঁও আৰু বিশ্বনাথ জিলাত হঠাতে বন্ধ কৰি দিয়া হৈছে সকলো ডিভাইডাৰ৷
ঠিকাদাৰে চৰকাৰী স্কুলৰ সন্মুখৰ ডিভাইডাৰো হঠাতে চিমেণ্টৰ ঢালাইৰে বন্ধ কৰি দিছে৷ কিন্তু তেল ডিপ’ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ সন্মুখত ডিভাইডাৰৰ ব্যৱস্থা কৰি দিয়া হৈছে৷
শোণিতপুৰ জিলাৰে জামুগুৰিহাট আৰু চতিয়াত ডিভাইডাৰে যাতায়াত দুৰ্বিষহ কৰি তুলিছে৷ চতিয়াৰ খনাগুৰি, হাজাৰীমল আৰু বাৰভূঞা এলেকাত বাস কৰে প্ৰায় ৩০ হাজাৰ লোকে৷ কিন্তু এইসকলৰ ৰাস্তা পাৰ হোৱাৰ বাবে বিশাল এলেকাত এটাও ডিভাইডাৰ নাই৷
তাৰ পৰা বহুদূৰ আগবাঢ়ি গৈ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতহে আছে ডিভাইডাৰ৷ অৰ্থাৎ ৩০ হাজাৰোধিক লোকে বাস কৰা এলেকাৰ লোকে ৰাস্তা সুৰক্ষিতভাৱে পাৰ হ’বলৈ এটাও ডিভাইডাৰ নাই৷
একেদৰে চতিয়াৰে মেটেৰা অঞ্চলৰ জনশূন্য এলেকাত এটা ডিভাইডাৰ দিয়া হৈছে৷ কিন্তু সেইটো ডিভাইডাৰ তেল ডিপ’ৰ মালিকৰ স্বাৰ্থতহে দিয়া হৈছে৷
ঠিকাদাৰে ৰাইজক পণবন্দী কৰি শেহতীয়াকৈ আকৌ ডিভাইডাৰ বন্ধ কৰি দিছে৷
একেদৰে নাগশংকৰ, কুসুমতলা আদিতো ডিভাইডাৰৰ কোনো ব্যৱস্থাই নাই৷ ৰাস্তা পাৰ হ’বলৈ মটৰ চাইকেল আৰোহীয়েও ৩ কিলোমিটাৰ বাটকুৰি বাবলগীয়া হৈছে৷ ফলত প্ৰতিটো এলেকাত দিনে অপচয় হৈছে কমেও ১০০ লিটাৰ পেট্ৰ’ল৷
ৰাস্তা পাৰ হ’বলৈয়েই জনতাই খৰচ কৰিছে অমূল্য সময়৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial