ৰাইজৰ টকা খাই ধৰা পৰা বিষয়াক টিকট দিবলৈ ওলাইছিল কংগ্ৰেছে৷ ঢকুৱাখনাত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে প্ৰায় বাছনি কৰিছিল অশ্বিনী দলে নামৰ ACS বিষয়াজনক৷
শিৱসাগৰ জিলা পৰিষদৰ CEO হিচাপে কাৰ্যনিৰ্বাহ কৰা ACS বিষয়া অশ্বিনী দলকে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে ধৰা পেলাইছে৷ তেওঁৰ সম্পত্তিৰ পাহাৰ ইতিমধ্যে ফাদিল হৈছে৷
তদুপৰি ফাদিল হৈছে অশ্বিনী দলেৰ পত্নীৰো সম্পত্তিৰ তথ্য৷ কিন্তু বৰ্তমান অশ্বিনী দলেৰ বিষয়ে প্ৰকাশ পাইছে এটা বিশেষ ৰাজনৈতিক খবৰ৷
অভিযোগ অনুসৰি ৰাজীৱ ভৱনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল ধুৰন্ধৰ অশ্বিনী দলেৰ৷ তেওঁ ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঢকুৱাখনাত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত কৰিছিল নেতৃত্বই৷
যদি কেলেংকাৰি ফাদিল নহ’লহেঁতেন তেন্তে কংগ্ৰেছৰ পৰা অশ্বিনী দলেই টিকট লাভ কৰাটো আছিল প্ৰায় খাটাং৷ কিন্তু বৰ্তমানো তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা সম্পূৰ্ণ নোহোৱা হোৱা নাই৷
বিশেষ সূত্ৰই সদৰী কৰা অনুসৰি শাসনৰ পৰা বাহিৰত থকা এটা দলক অশ্বিনী দলেই সহায় কৰিছিল৷ সেইসূত্ৰে তেওঁ দলটোৰ পৰা লাভ কৰিছিল বিশেষ ফেভাৰ৷
দলটোৰ সভাপতিয়েও অশ্বিনী দলেক প্ৰশ্ৰয় দিছিল৷ সোঁৱে-বাঁৱে অগাধ সম্পত্তি আহৰণ কৰি অশ্বিনী দলেই বিধায়ক হোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল৷ কিন্তু বৰ্তমান সেই প্ৰস্তুতিত যতি পৰিল৷
ঢকুৱাখনাত কোনে দিব প্ৰাৰ্থিত্ব!
