কলিতা সম্প্ৰদায়ৰ নেতা হিচাপে কেৱল ভুৱনেশ্বৰ কলিতাইহে কংগ্ৰেছক দীৰ্ঘসময়ৰ বাবে নেতৃত্ব দিছিল৷ অৱশিষ্ট সময়ছোৱাত দলটোক প্ৰধানতঃ চাহ জনজাতি আৰু আহোম নেতাইহে নেতৃত্ব প্ৰদান কৰিছিল৷
অসমত ৰাজনৈতিকভাৱে শক্তিহীন কলিতা সম্প্ৰদায়ৰ আন নেতাক পূৰ্বে কোনো দলেই দীৰ্ঘদিনীয়াকৈ নেতৃত্ব প্ৰদান কৰা নাছিল৷
কিন্তু বিজেপিয়ে সেই ধাৰা ভংগ কৰিলে৷ ভৱেশ কলিতাৰ পিছত আন এজন কলিতা নেতা দিলীপ শইকীয়াক দলটোৱে দিলে সভাপতিৰ পদ৷
গতিকে স্বাভাৱিকতে প্ৰশ্ন হয়- বিজেপিৰ বাবে আহোম অথবা চাহ জনগোষ্ঠীৰ দৰে ৰাজনৈতিকভাৱে প্ৰভাৱশালী সম্প্ৰদায়ৰ গুৰুত্ব নাই নেকি?
পূৰ্বে যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল তেতিয়াও কিন্তু কোনো আহোম বিধায়ক মন্ত্ৰী হোৱা নাছিল৷ এতিয়া দলটোৰ নাই এজনো আহোম সাংসদ৷ দলৰ প্ৰাৰ্থিত্ব লাভ কৰা তপন গগৈয়ো পৰাস্ত হৈছে৷
ভৈয়ামৰ সমষ্টিত জনজাতীয় নেতা হিচাপে সাংসদ হৈ আছে সৰ্বানন্দ সোণোৱাল আৰু প্ৰদান বৰুৱা৷ চাহ জনজাতি, কোচ-ৰাজবংশী আৰু কলিতা সম্প্ৰদায়ৰো সাংসদে বিজেপিৰ হৈ দিল্লীত প্ৰতিনিধিত্ব কৰি আছে৷
কিন্তু পৱিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভাৰ পৰা যোৱাৰ বাদে নাই কোনো প্ৰভাৱশালী আহোম নেতা৷ অৰ্থাৎ বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ কোনে সেয়াও হৈ পৰিছে ৰহস্যৰ বিষয়৷
