এইবাৰ ভোগালীও এমহীয়া হ’ল ৰাইজ

দুমাহ উৎসৱ চলি থকাৰ পিছত ৰাস শেষ হৈছিলহে
এতিয়া আকৌ আৰম্ভ হ’ল ভোগালী উৎসৱ
ভোগালী বিহু শেষ হোৱা কেবাদিনো হ’ল৷ কিন্তু এই মাঘমহীয়া ঠেৰেঙা লগা জাৰৰ নিশাবোৰত চলি আছে সাংস্কৃতিক অনুষ্ঠান৷
তিনিমহীয়া ৰঙালীৰ পিছত এইবাৰ আৰম্ভ হৈছে এমহীয়া ভোগালীৰ ট্ৰেণ্ড এইবাৰ মাঘ বিহু দুদিনতে শেষ হোৱা নাই৷
অসমৰ চৌদিশে ভোগালী উৎসৱ ধূম উঠিছে এইবাৰ৷ নগাঁৱৰ পৰা তিনিচুকীয়ালৈ ভোগালীতে তাক ধিন তাক ধিনকৈ মাঘতে বিহু নাচি ফুৰিছে অসমীয়াই৷
মিঞাই খেতিত ধৰাৰ সময়ত অসমীয়াই পাতিছে ভোগালী মেলা৷ উৰুকাৰ এসপ্তাহৰ পিছলৈ হৈয়েই আছে ভোগালী উৎসৱ৷
এইবোৰৰ লগতে আয়োজন হৈছে খাদ্যমেলা৷ জনজাতীয় খাদ্যমেলাত উভৈনদী হৈ পৰিছে মদ আৰু গাহৰি মাংস৷
নিশা ১০ বজাৰ পিছত ভোগালীৰ সাংস্কৃতিক অনুষ্ঠানৰ ৰেহৰূপেই সলনি হৈ গৈছে৷ চেঙেলীয়া ল’ৰাই মৰ ঠাণ্ডাতো নাচিছে বিহু৷
ভিতৰপকীয়া সংস্কৃতি এতিয়া একেবাৰে বজৰুৱা হৈ গ’ল৷
কিন্তু মাত্ৰ এমাহৰ পিছতে আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা৷ পিছে কাৰো এইবোৰ কথা ভাবিবলৈ নাই৷ সকলোৱে ঘূৰি ঘূৰি বিহু নাচি আছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial