গোপনে আম্বানিৰ চিৰিয়াখানালৈ নিয়া হ’ব অসমৰ অৰণ্যৰ জীৱ-জন্তু৷ চুৰি কৰি অসমৰ বন্যপ্ৰাণী গুজৰাটলৈ নিবলৈ ওলোৱাৰ সবিশেষ ফাদিল হৈছে৷
গোপন খবৰ অনুসৰি গুৱাহাটী হৈ তিনিচুকীয়া অভিমুখে নিশা অহৰহ চলি আছিল প্ৰায় ২০ খন এনিমেল এম্বুলেন্স৷ কঠোৰ পহৰাৰ মাজত মাজনিশা এনিমেল এম্বুলেন্স উজনিত উপস্থিত হৈছে৷
প্ৰকৃতিপ্ৰেমী সংগঠনে কৰা অভিযোগ অনুযায়ী এই এনিমেল এম্বুলেন্সবোৰ হৈছে গুজৰাটৰ জামনগৰত পঞ্জীয়ন কৰা৷ অৰ্থাৎ গুজৰাটৰ৷
এইসমূহ অসমৰ পৰা হাতী চুৰি কৰিবলৈ অহাৰ অভিযোগ তুলিছে প্ৰকৃতিপ্ৰেমীয়ে৷ অনন্ত আম্বানিৰ ব্যক্তিগত চিৰিয়াখানা বনতৰালৈ নিয়াৰ বাবে অসমলৈ সদলবলে আহিছে গুজৰাটীৰ দল৷ যিসকলে অসমত লাভ কৰিছে নিৰাপত্তা৷
বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ অসমৰ পৰা ৪ শতাধিক হাতী নিয়া হৈছে৷ তথাপি খঁক পলোৱা নাই৷ আকৌ নিবলৈ আহিছে অসমৰ বনৰীয়া হাতী৷
এইবাৰ অৰুণাচলী নথিৰে অসমৰ হাতী নিয়াৰ ফন্দি কৰিছে আম্বানিৰ কৰ্মচাৰীয়ে৷ অৰ্থাৎ অৰুণাচলৰ পৰা ক্ৰয় কৰা বুলি কাগজে-পত্ৰই দেখুৱাই অসমৰ হাতী নিয়াৰ পৰিকল্পনা কৰা হৈছে৷
সেই উদ্দেশ্যে নিশা তিনিচুকীয়াত উপস্থিত হৈছে গুজৰাটী এনিমেল এম্বুলেন্স৷