নেতাসকল নুঠে, উঠিব তেওঁলোকৰ পুত্ৰ-কন্যা৷ ৰকিবুল হুছেইনে দেখুৱাই দিয়া পথেই ২০২৬ত অনুসৰণ কৰিব অসমৰ কেবাজনো প্ৰবীণ ৰাজনৈতিক নেতাই৷ সমাগত বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিবলৈ তেওঁলোকে এতিয়াই আগবঢ়াই দিছে পুত্ৰ আৰু কন্যাক৷ সমষ্টিবাসীৰ সৈতে চিনাকি কৰাই দিছে ভৱিষ্যতৰ প্ৰাৰ্থীক৷
এইসকলৰ ভিতৰত প্ৰথমে আছে এতিয়াৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা৷ বৰ্তমান চতিয়াৰ বিধায়ক হৈ থাকিলেও তেওঁৰ ভৱিষ্যতৰ সমষ্টি হৈছে নদুৱাৰ৷ তদুপৰি সমষ্টিটোৰ পৰিসৰো সলনি হৈছে৷
মিডিয়া মাৰ্কেটিঙত সিদ্ধহস্ত পদ্মই কন্যকাৰ জৰিয়তে পুত্ৰক ৰাইজৰ সৈতে চিনাকি কৰাই দিয়াৰ চেষ্টা চলাইছে৷ পিতৃৰ কথামতেই পুত্ৰও আগবাঢ়িছে৷ সভাই-সমিতিয়ে গামোচা পিন্ধিবলৈ লৈছে পদ্ম হাজৰিকাৰ পুত্ৰই৷ ফে’চবুকত ৰাইজৰ সৈতে পাতিছে কথা৷
সেইদৰে ৰিপুণ বৰাই নিপুণভাৱে কন্যাক প্ৰক্ষেপ কৰিছে৷ কংগ্ৰেছলৈ ঘৰ ৱাপছী কৰা ৰিপুণে গহপুৰত অহাবাৰলৈ নিজে নুঠিবও পাৰে৷
তেওঁ সমষ্টিটোত প্ৰক্ষেপ কৰিব পাৰে কন্যাক৷ যোৱা নিৰ্বাচনৰ পূৰ্বেই মিছড কল দিলেই চাকৰি খাটাং বুলি সমষ্টিবাসীক প্ৰলোভন দিয়া ৰিপুণৰ কন্যা গহপুৰত সাজু হৈছে৷
মুঠতে ৰকিবুল-তাঞ্জিলৰ যুগলবন্দীৰ বিফলতাৰ পিছতো পুত্ৰ-কন্যাক একেখন পথাৰলৈ আগবঢ়াই দিয়াৰ অৰ্থে সাজু হৈছে কেবাজনো নেতা৷