অমৃতস্নান মানে কি?

১৪৪ বছৰৰ মূৰত অনুষ্ঠিত হৈছে মহা কুম্ভমেলা৷ ১৮৮১ চনতে অনুষ্ঠিত হৈছিল অন্তিম মহা কুম্ভমেলা৷
কিন্তু এই উৎসৱৰ উৎপত্তি কেনেকৈ হ’ল৷
কুম্ভ শব্দৰ অৰ্থ হৈছে কলহ৷
উপাখ্যানৰ বৰ্ণনা অনুসৰি
কাশ্যপ নামেৰে এজন ঋষি আছিল। কদ্ৰো আৰু বিনতা আছিল তেওঁৰ দুই পত্নী৷
এদিন কদ্ৰো আহি কাশ্যপ ঋষিক আপত্তি কৰিলে
তেওঁ এশ প্ৰতাপী সন্তানৰ মাতৃ হ’ব বিচাৰে।
ফলত পত্নীক ঋষিয়ে এশ প্ৰতাপী পুত্ৰৰ মাতৃ হোৱাৰ আশীৰ্বাদ দিলে। লগতে সৃষ্টি কৰিলে এশটা কণী৷
তাকে দেখি বিনতাইও ঋষিক মাতৃ হোৱাৰ বৰ মাগিলে। বিনতাই ক’লে- মোৰ সন্মান দুটিয়েই হওক, কিন্তু কদ্ৰোৰ সন্তানতকৈ শক্তিশালী হওক৷
ঋষিয়ে বিনতাকো মাতৃত্বৰ
নিৰ্ধাৰিত সময়ত কদ্ৰোৰ এশ পুত্ৰ জন্ম হ’ল। কিন্তু সকলো জন্মিল সৰ্পৰ ৰূপত।
ফলত বিনতা অধৈৰ্য হৈ তেওঁক ঋষিয়ে দিয়া দুটা কণীৰ এটা ভাঙি পেলালে৷
কিন্তু তাৰ পৰা অৰ্ধবিকশিত হৈ এটা পক্ষী ওলাই আহিল। অৱশিষ্ট কণীটোৰ পৰা এটা আধা মানুহ আধা পক্ষীৰ জন্ম হ’ল৷ যাৰ নাম হৈছে গৰুড় পক্ষী৷
কালক্ৰমত বিনতা কদ্ৰোৰ এশ পুত্ৰৰ দাসী হ’বলগীয়া হ’ল।
পিছলৈ মাতৃক মুকলি কৰি দিয়াৰ বাবদ কদ্ৰোৱে গৰুড়ক এটা চৰ্ত দিলে৷ সেই চৰ্ত আছিল-
দেৱতাৰ ওচৰত থকা অমৃতৰ কলহটো আনি তেওঁক দিব লাগিব।
চৰ্ত পুৰণৰ বাবে গৰুড় উৰা মাৰি গ’ল৷ দেৱতাৰ লগত যুদ্ধ কৰি অমৃত কলহ আনি কদ্ৰোক দিলে।
কিন্তু দেৱতাৰ লগত গৰুড়ে যুদ্ধ কৰি থাকোঁতেই কলহটোৰ পৰা চাৰি টোপাল অমৃত ওলাই চাৰি স্থানত পৰিছিল। সেইসমূহ হ’ল উজ্জয়িনী, নাছিক, হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ।
সেয়ে এই স্থানত দেৱতাই স্নান কৰে বুলি প্ৰবাদ আছে৷
কিন্তু আন এটা কাহিনী অনুসৰি কুম্ভমেলাৰ আৰম্ভণি বেলেগধৰণৰ৷
তদানুসৰি দেৱতা আৰু অসুৰৰ মাজত অমৃতৰ কাৰণে সমুদ্ৰ মন্থনৰ পিছত অমৃত বাহিৰ হ’ল।
অমৃত আছিল এটা বৃহৎ কলহ অৰ্থাৎ মহাকুম্ভত।
যুদ্ধত নাৰায়ণে মোহিনী অৰ্থাৎ ধনন্তৰি ৰূপ ধাৰণ কৰি অমৃত কলহটো লৈ পলাল।
দৈত্যয়ো কিন্তু তেতিয়া খেদি গ’ল৷
অমৃত কলহটো লৈ মোহিনীৰূপী নাৰায়ণে দৈত্যক ছলনা কৰিলে৷
অৱশেষত ক্লান্ত হৈ নাৰায়ণে চাৰি স্থানত বিশ্ৰাম লৈছিল। যি স্থান হৈছে উজ্জয়িনী, নাছিক, হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ।
কথিত অনুসৰি মোহিনীৰূপী নাৰায়ণে অমৃত কলহটো লৈ যি স্থানত বিশ্ৰাম কৰিছিল সেই স্থানত অমৃতৰ টোপাল পৰি গৈছিল৷
জনবিশ্বাস মতে এই স্থানত স্নান কৰিলে মুক্তি লাভ কৰে।
সেই বিশ্বাস অনুসৰিয়েই প্ৰত্যেক ৬,১২ আৰু ১৪৪ বছৰৰ অন্তৰত কুম্ভ মেলাৰ আয়োজন কৰা হয়।
হিন্দুধৰ্মৰ সবাতোকৈ পৱিত্ৰ উৎসৱ কুম্ভ তিনি প্ৰকাৰৰ
সেয়া হৈছে
অৰ্ধ কুম্ভ
পূৰ্ণ কুম্ভ
আৰু
মহাকুম্ভ
অৰ্ধ কুম্ভ প্ৰত্যেক ৬ বছৰৰ অন্তৰত পালন কৰা হয়
পূৰ্ণ কুম্ভ প্ৰত্যেক ১২ বছৰৰ মূৰত অনুষ্ঠিত হয়৷
মহাকুম্ভ ১২ টা পূৰ্ণ কুম্ভৰ অন্তৰে অন্তৰে অৰ্থাৎ ১৪৪ বছৰৰ পিছত অনুষ্ঠিত হয়৷
কুম্ভ মেলা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান। এয়াই হৈছে কুম্ভৰ সংক্ষিপ্ত ইতিহাস৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email