হৰ্ষা ৰিচাৰিয়াৰ কাহিনীটো শুনক

মহা কুম্ভমেলাত বৰ্তমান উষ্ণতা মাত্ৰ ৯ ডিগ্ৰী চেলচিয়াছ৷ গংগাৰ পৰা বৈ অহা ফেৰফেৰীয়া বতাহজাকে মাজে মাজে কঁপাই তোলে ভক্তগণক৷
আধ্যাত্মিক সাধনাৰে স্বল্পবস্ত্ৰ পৰিধান কৰি থকা সন্ন্যাসী কিন্তু তেতিয়াও হৈ থাকে নিৰ্বিকাৰ৷
পিছে গংগাৰ পাৰৰ হিমশীতল পৰিৱেশৰ উষ্ণতা থিতাতে বঢ়াই দিছে এগৰাকী সুন্দৰী সাধ্বীয়ে৷ নাম তেওঁৰ হৰ্ষা ৰিচাৰিয়া৷
লাহী দেহৰ সুন্দৰী অসামান্য ৰূপৱতী৷ ৰ’দ পৰি জিলিকা তৰোৱালৰ দৰে চিকমিকাই থাকে তেওঁৰ মুখমণ্ডল৷
অপৰূপা হৰ্ষাই পৰিধান কৰে গৈৰিক বস্ত্ৰ৷ হংসতুল্য গ্ৰীবাত পিন্ধে সুশোভিত ৰুদ্ৰাক্ষ৷
ভূগোলৰ একেবাৰে গেধা ছাত্ৰই নিমিষতে পঢ়ি পেলাব পাৰে হৰ্ষাৰ শৰীৰী ভূগোল৷ বডী মাছ ইনডেস্ক অৰ্থাৎ একেবাৰে সঠিক BMIৰ গৰাকী ৰিচা আগতে আছিল মডেল৷
34 32 36 শৰীৰৰ ভাঁজবোৰ প্ৰকট কৰি তেওঁ পিন্ধিছিল মাত্ৰ টু পিচ বস্ত্ৰ৷ যাৰ পোছাকী নাম বিকিনী৷
পূৰ্বে ভোগী হৈ থকা হৰ্ষা বৰ্তমান গেৰুৱা বস্ত্ৰৰে সুশোভিত৷ পাৰ্থিৱৰ পিছত সন্ন্যাসৰ পথেৰে যাত্ৰা কৰা ৰিচাই অনায়াসে কৈ দিব পাৰে
সুৰাৰ মহিমা সন্ন্যাসিনী তোক কি হ’ব বুজাই
দুৰ্ভাগিনী, তইটো এঢোকো পিয়েই পোৱা নাই…
স্বৰ্গ আৰু নৰক দুয়োখন পৃথিৱীৰে বাসিন্দা হৰ্ষা ইনষ্টাগ্ৰামত চেলিব্ৰিটী সন্ন্যাসিনী৷ ব্ৰুনেট ৰঙী চুলি বতাহত উৰুৱাই ফুৰা সাধ্বীয়ে মৰ ঠাণ্ডাতো অনায়াসে কৰিছে গংগাস্নান৷
লাস্যময়ী সুন্দৰীয়ে পিছে বৰ্তমান ইনষ্টাৰ পৰা ডিলিট কৰা নাই বিকিনী পৰিহিত ফটো৷ উত্তৰাখণ্ডৰ গুৰু মহামণ্ডলেশ্বৰৰ শিষ্যা পাহৰিবলৈয়ো চেষ্টা কৰাই ভোগবাদী অতীত৷
তেও সকলোকে জনাইছে- ভোগবাদৰো এটা সামৰণি থাকে৷ জীৱনৰ দৰেই…

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial