সকলোৰে আনন্দ নে তাহানিৰ আশা!

এইটোৱেই সম্ভৱতঃ জাতিৰ বাবে গোৱা গান বুলি জুবিন গাৰ্গে ভুল কৰিছে৷
অন্যথা ময়ো জাতিৰ বাবে গান গাইছোঁ বুলি তেওঁ উদ্ভট কথা কোৱাৰ যুক্তি নাছিল৷
সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ বিষয়ে জুবিনে ক’লে-
কাৰোবাৰ প্ৰশ্নৰ উত্তৰত জুবিনে যি কয়, সেয়া তেওঁৰ বাক স্বাধীনতা৷ কিন্তু সেইটো প্ৰসংগত নিজকে তুলি ধৰিবলৈ কি দৰকাৰ আছিল?
অৱশ্যে আমি নাই গোৱা বুলি নকওঁ৷ আমি সেই জুবিনক জানো- যি ধেমাজিৰ নৰমেধক লৈ গাইছিল
যন্ত্ৰ এলবামেৰে অসমক জগাই তোলা জুবিনকো আমি চিনি পাওঁ৷ কিন্তু কা আন্দোলন সমাপ্ত হোৱাৰ পিছতে ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত সৰ্বানন্দ সোণোৱালক গবা মাৰি ধৰা জুবিনকো সকলোৱে চিনি পায়৷
ডাইনেমিক চি এম বিচৰা জুবিন গাৰ্গে ৰাজীৱ শদিয়াৰ বিষয়ে কি ভাবে সেয়া তেওঁৰ ব্যক্তিগত কথা কিন্তু ৰাজীৱ শদিয়াৰ জীৱন আৰু কৰ্মৰ মূল্যায়ন ৰাজহুৱা কথা৷
তদুপৰি শিল্পীৰ পেছাদাৰিত্বৰ কথাকো আমি সমৰ্থন কৰোঁ৷ দিলজিৎ দোছাঞ্জে কৃষক আন্দোলনক সমৰ্থন কৰিও পেছাদাৰী ভাবেৰে অনুষ্ঠান কৰাৰ কথা আমি আগতেই উল্লেখ কৰিছোঁ৷
কিন্তু জুবিন গাৰ্গে সেই কথা কোৱাৰ দৰকাৰ আছিলনে? আপোনালোকেই বিচাৰ কৰক ৰাইজ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email